কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ কৰা এটা টুইটৰ বাবে এগৰাকী প্ৰৱক্তাক কাৰণ দৰ্শোৱাৰ জাননী; বোকাখাতত প্ৰতিক্ৰিয়া

বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰা সম্পৰ্কত মহাবিদ্যালয় খনৰ এজন প্ৰৱক্তাই দিয়া টুইটৰ বাবে প্ৰৱক্তাজনক মহকুমা প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মহাবিদ্যালয় খনৰ প্ৰৱক্তা বিদ্যুত বৰুৱাই চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰাত মহাবিদ্যালয় খনৰ কাষৰীয় মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱা বুলি টুইট কৰিছিল।

টুইটত প্ৰবক্তা গৰাকীয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, জি পি সিনহা আৰু মাই গ’ভণ্ট আসামকো টেগ কৰিছিল।

ইয়াৰ পাচতেই বোকাখাতৰ প্ৰশাসনে ২ মে’ত প্ৰৱক্তা বিদ্যুত বৰুৱাক ২০০৫ চনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পৰিচালনা আইন আৰু  ১৮৯৭ ভাৰতীয় মহামাৰী আইনৰ  আধাৰত ৪৮ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শাবৰ বাবে জাননী জাৰি কৰিছে ৷

এই জাননীৰ পাচতেই বোকাখাতত সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সম্পৰ্কত বোকাখাতত মানৱ অধিকাৰ ভুলুণ্ঠিত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জীপাল কৃষক শ্ৰমিক সন্থাই প্ৰতিবাদ জনাইছে ৷

জনসচেতনতাৰ বাবে শিক্ষিত সমাজৰ হৈ এজন প্ৰৱক্তাই মাত মতাৰ বাবে তেওঁলোকৰ বাক স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ বোকাখাতৰ প্ৰশাসনক দিয়া নাই বুলি সংগঠনটোৰ সদস্য সোনেশ্বৰ নৰহে কয়।

বিদ্যুত বৰুৱাক দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ বিৰুদ্ধে দৰকাৰ হলে জিপালে আদালতৰ দ্বাৰস্থ হ’ব বুলিও তেওঁ লগতে কয় ৷

ইফালে, ঘটনা সন্দৰ্ভত চি এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মঞ্চয়ো বোকাখাত মহকুমা প্ৰশাসনৰ কাৰ্যক গৰিহনা দিয়াৰ লগতে কাৰণ দৰ্শোৱাৰ জাননীৰ বাবে মহকুমা প্ৰশাসনে প্ৰবক্তা বিদ্যুত বৰুৱাৰ ওচৰত ক্ষমা খোজাৰ বাবেও দাবী জনায়।