তেল চুৰি কাৰ্যত জড়িত অসম গণ পৰিষদৰ নেতা গ্ৰেপ্তাৰ; বোকাখাত অগপত ধুমুহা

AGP leadre in diezel thief

তেল চুৰিৰ সৈতে জড়িত অগপ নেতা পৰমানন্দ দাস। ফটো: নৰ্থইষ্ট নাও।

অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে দলটোৰ সক্ৰিয় সদস্য তেল চুৰি কাৰ্যত জড়িত হোৱা ঘটনাই এতিয়া সমগ্ৰ বোকাখাত সমষ্টিতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যোৱা ১৩ জুনত বোকাখাতৰ ৰজাবাৰীত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমানৰ অবৈধ চোৰাং তেলৰ সৈতে ডড়িত থকাৰ বাবে অগপৰ নেতা পৰমানন্দ দাস, জগত দাস আৰু বাগৰিৰ নুৰজামাল আলীক আটক কৰিছিল ৷

তেলচুৰি কাৰ্যত জড়িত তিনিওজনকে আজি বোকাখাতৰ আদালতত হাজিৰ কৰে বোকাখাত আৰক্ষীয়ে ৷

আদালতে তেল চুৰি কাৰ্যত জড়িত ৰাজীৱ দাস আৰু নুৰজামাল আলীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ঘটনাৰ মুল অভিযুক্ত পৰমানন্দ দাসক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

১৩ জুনত বোকাখাতৰ ৰজাবাৰীত অবৈধ ভাৱে মজুত ৰখা ডিজেল আৰু এখন খালি টেংকাৰৰ সৈতে দুই সতীৰ্থৰে পৰমানন্দ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত এতিয়া অসম গণ পৰিষদৰ বোকাখাত গোটত ধুমুহাৰ সৃষ্টি হৈছে ৷ কিয়নো উক্ত ঘটনাৰ মুল অভিযুক্ত পৰমানন্দ দাস অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মী হোৱাৰ উপৰিও ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ হৈ জিলা পৰিষদৰ সদস্য হিচাপে প্রতিদ্বন্দ্বিতাও কৰিছিল ৷

১৩ জুনৰ অভিযানৰ সময়ত অভিযানকাৰী দলে ঘটনাস্থলীৰ অবৈধ তেলৰ গুডামটোৰ পৰা অগপ দলৰ পতাকাৰ লগতে অতুল বৰাৰ ফটো সম্বলিত পোষ্টাৰো উদ্ধাৰ কৰিছিল ৷

ইফালে, অসম গণ পৰিষদ দলৰ এজন নেতা তেল চুৰিৰ ঘটনা সৈতে জড়িত হোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম গণ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাই পৰমানন্দ দাস কোন আৰু দলৰ সৈতে তেওঁ কেনেধৰণে জড়িত বিচাৰ কৰাৰ লগতে উত্থাপিত অভিযোগ সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি জনায় ৷

পৰমানন্দ দাস সঁচাকৈ যদি এই ঘটনাৰ লগত জড়িত তেন্তে তেওঁৰ সন্দৰ্ভত দলীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া আলোচনাৰ পিচতহে জনাব পৰা যাব বুলি  সভাপতিজনে জনায় ।