মুল্য বৃদ্ধি আৰু ৰাজ্যৰ পথ ব্যৱস্থা উন্নয়নৰ দাবীত বোকাখাতত কংগ্ৰেছ দলৰ অভিনৱ প্ৰতিবাদ
ৰাজ্যৰ বিধস্ত প্ৰায় বাট পথ নিৰ্মাণ আৰু মেৰামতিৰ লগতে অভাৱনীয় মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত আজি বোকাখাতত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ বোকাখাত খণ্ডৰ উদ্যোগত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷
নগৰৰ মাজ মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত কংগ্ৰেছৰ সদস্যসকলে অৱস্থান ধৰ্মঘটৰ লগতে নাগাৰা নামেৰে প্ৰতিবাদ জনাই নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ নাগাৰা নামেৰেই কংগ্ৰেছৰ সদস্যসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱাল , স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বোকাখাতৰ বিধায়ক অতুল বৰাক তেখেত সকলৰ ব্যৰ্থতাৰ বাবে সমালোচনা কৰে ৷
আজিৰ এই প্ৰতিবাদী কাৰ্যসুচীত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক দাদু টাই , ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ উপৰিও বিষয়-ববীয়াৰ লগতে মহিলা কংগ্ৰেছ, সেৱাদলকে ধৰি সকলো ভাতৃ সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ৷