বোকাখাতত চোৰাং কাঠসহ একে নম্বৰৰ দুখন ট্ৰাক জব্দৰ ঘটনা: অভিযুক্ত মৌচুম শইকীয়াক গ্ৰেপ্তাৰ

dog

*

নিশাই নহয় দিনৰ ভাগতে আৰক্ষী চকুৰ আগেদিয়েই ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হয় বহু নিষিদ্ধ সামগ্ৰী ৷ সংঘৰ্টিত হয় বহু গোপন ব্যৱসায়৷ ৰাজ্যৰ বহু জিলাৰ আৰক্ষীৰ চকুত ধূলি মাৰি পাৰ হয় বহু নিষিদ্ধ সামগ্ৰী কঢ়িওৱা ট্ৰাক ৷

শেহতীয়াকৈ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত এতিয়া বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এনেবোৰ সামগ্ৰীৰ বিৰুদ্ধেই চলিছে ধাৰাবাহিক অভিযান ৷

অকল অভিযানেই নহয় জব্দ কৰিছে বহু অবৈধ সামগ্ৰী আৰু এনেবোৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক ৷
গোপন সূত্ৰৰ আধাৰত যোৱা ১৭ জুনত অতিৰিক্ত আৰক্ষী অধীক্ষকজনে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ আছিল একে ৷

দুয়োখনৰ ট্ৰাকৰে পঞ্জীয়ন নম্বৰ AS01-KC-6766 ৷ অৰুণাচল সীমান্তৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে বোকাখাতত জব্দ কৰিছিল দুয়োখন ট্ৰাক ৷

আটক কৰিছিল ট্ৰাকৰ চালককো ৷
চালকৰ স্বীকাৰোক্তি আৰু আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ শেষত দেওবাৰৰ দিনা যোৰহাটৰ লাদৈগড়ৰ পৰা বোকাখাত আৰক্ষীয়ে আটক কৰি আনে ট্ৰাকৰ মালিক মৌচুম শইকীয়াক ৷

ঘটনা সম্পৰ্কত বোকাখাত থানাত 166/21 নম্বৰৰ এটা গোচৰ ৰজু কৰিছে আৰক্ষীয়ে ৷ লাদৈগড়ৰ কাঠ ব্যৱসায়ী মৌচুম শইকীয়াক ট্ৰাকৰ চালক খগেন ফুকন আৰু অৰ্জুন গগৈ সহ বোকাখাত আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰে ৷

আদালতে মৌচুম শইকীয়াক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে চালক খগেন ফুকন আৰু অৰ্জুন গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

কাঠ চুৰি আৰু কাঠৰ এই চোৰাং ব্যৱসায়ৰ সৈতে জড়িত আছে এক বৃহৎ চক্ৰ ৷ সঠিক তদন্তৰ জৰিয়তে এই চক্ৰ উৎখাত হোৱাটো বিচাৰিছে সকলোৱে৷