আৰক্ষী বিষয়াৰ পৰিচয়েৰে প্ৰৱঞ্চনা কৰা পিংকু দাস আৰক্ষীৰ জালত; উদ্ধাৰ আপত্তিজনক সামগ্ৰী

আৰক্ষীৰ জালত প্ৰৱঞ্চক পিংকু দাস।

দীৰ্ঘ দিন ধৰি আৰক্ষীৰ ৰূপলৈ মানুহক প্ৰৱঞ্চনা কৰি অহা এজন প্ৰৱঞ্চকক আটক কৰিছে বোকাখাত আৰক্ষীয়ে ৷ ধৃত প্ৰৱঞ্চকজনে মানুহক প্ৰৱঞ্চনা কৰাৰ বাবেই নিজৰ পত্নীৰ নামত থকা বগা ৰঙৰ স্কৰপিঅ’ গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰেই সঁজাই পৰাই লৈছিল ৷

বোকাখাত আৰক্ষীৰ অভিযানত সোমবাৰে ধৰা পৰে এই প্ৰৱঞ্চকজন ৷ প্ৰাপ্য তথ্য মতে আৰক্ষীৰ অভিযানত স্ক্ৰপিঅ’ গাড়ীসহ গ্ৰেপ্তাৰ হোৱা এই ভূৱা প্ৰৱঞ্চকজনৰ নাম পিংকু দাস ৷ ঘৰ গোলাঘাটৰ কাবৰু গাঁৱত ৷

লগতে পঢ়ক: নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

পিংকু দাসে তেওঁৰ পত্নীৰ নামত থকা এ এছ ০১ এফ ডু ১৯৬২ নম্বৰৰ স্কৰপিঅ’ গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰে সজাই লৈ বিভিন্ন স্থানত আৰক্ষী বিষয়া বুলি নিজকে পৰিচয় দি দীৰ্ঘদিন ধৰি দুস্কাৰ্য সংঘটিত কৰি আহিছিল ৷

আৰক্ষীৰ তথ্য মতে গৰুৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত আছিল প্ৰৱঞ্চক পিংকু দাস ৷ কিছুদিনৰ পৰা বোকাখাত আৰক্ষীয়ে পিংকু দাসৰ ওপৰত বিশেষ নজৰ ৰাখি আহিছিল যদিও  পিংকু দাসক কৰায়ত্ব কৰিব পৰা নাছিল ৷

সোমবাৰে বোকাখাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে প্ৰৱঞ্চক পিংকু দাস ৷ পিংকু দাসৰ বিৰুদ্ধে জখলাবন্ধা আৰু কলিয়াবৰ থানাত কেইবাটাও অপৰাধমুলক গোচৰ ৰুজু হৈ আছে বুলি জানিবলৈ দিছে বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

ধৃত পিংকু দাসৰ পৰা আৰক্ষীয়ে পাঁচটা ম’বাইল, সাতটা বিভিন্ন  ছীল, কলম আকৃতিৰ এখন চুৰী আৰু দুখন গাড়ীৰ নম্বৰ প্লেট জব্দ কৰিছে ৷

ধৃত পিংকু দাসক সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা কৰি আছে বোকাখাত আৰক্ষীয়ে ৷