• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মন্ত্ৰী অতুল বৰাৰ একালৰ সতীৰ্থ গনেশ দলেক আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
November 8, 2020 7:17 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

316
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে শনিবাৰে নিশা দুৰ্ধৰ্ষ চোৰাংচিকাৰী তথা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী গনেশ দলেক আটক কৰিছে।

গনেশ দলেৰ ঘৰ বোকাখাতৰ ম’হ মাইকী গাঁৱত যদিও যোৱা নিশা ধনশিৰিমুখত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আটক কৰিছে বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলে।

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত যোৱা ২৫ ছেপ্তেম্বৰত বোকাখাত আৰক্ষীয়ে বোকাখাতৰ আমটেঙা গাঁৱৰ কাঠৰ ব্যৱসায়ী মৃদুল পেগু, কাৰ্বি আংলং জিলাৰ ডলামৰাৰ ৰাজেন ৰংফাৰ আৰু টাৰজান তেৰাঙৰ লগতে গনেশ দলেকো আটক কৰিছিল।

বোকাখাত আৰক্ষীয়ে ২৫ ছেপ্তেম্বৰত ধৃত চাৰিজন ব্যক্তিৰ মৃদুল পেগু, টাৰজান তেৰাং আৰু ৰাজেন ৰংফাৰক বন বিভাগৰ হাতত অৰ্পণ কৰিছিল যদিও গনেশ দলেক বন বিভাগৰ হাতত অৰ্পণ নকৰি কোনো ধৰণৰ সাক্ষ্য প্ৰমান নথকাৰ অজুহাতত মুকলি কৰি দিছিল।

ইফালে ধৃত মৃদুল পেগুয়ে দিয়া তথ্য আৰু স্বীকাৰোক্তি মতে ডলামৰাৰ ৰাজেন ৰংফাৰে তেওঁক এটা গঁড় খৰ্গ বিক্ৰী কৰিবৰ বাবে দিছিল।

এই খৰ্গটো আকৌ ৰাজেন ৰংফাৰে ডলামৰাৰে ব্যৱসায়ী টাৰজান তেৰাঙৰ পৰা সংগ্ৰহ কৰিছিল। এই গঁড়ৰ খৰ্গটো ৰাজেন ৰংফাৰ আৰু মৃদুল পেগুয়ে গনেশ দলেক বিক্ৰী কৰিবৰ বাবে দিয়ে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল।

এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষী আৰু বন বিভাগে পুনৰ গনেশ দলেক কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলায় যদিও গনেশ দলে ঘৰৰ পৰা পলায়ন কৰি আত্মগোপন কৰে আৰু অগ্ৰিম জামিনৰ বাবে প্ৰস্তুতি চলায়।

গনেশ দলেক বিচাৰি তিনিখনকৈ চমনো জাৰি কৰে বন বিভাগে। অৱশেষত দুমাহৰ অভিযানৰ শেষত শনিবাৰৰ নিশা পলাতক গনেশ দলেক কৰায়ত্ত কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু বোকাখাত আৰক্ষীৰ যৌথ অভিযানকাৰী দলে।

উল্লেখ্য যে অসম গন পৰিষদ দলৰ একালৰ সক্ৰিয় কৰ্মী বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিৱাসী গনেশ দলেক কাজিৰঙাৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত একাধিকবাৰ গ্ৰেপ্তাৰ কৰিছিল বোকাখাত আৰু কাৰ্বি আংলং আৰক্ষীয়ে।

গ্ৰেপ্তাৰৰ সময়ত গনেশ দলেৰ পৰা ৰাইফল আৰু সজীৱ গুলীও উদ্ধাৰ কৰিছিল। এই সম্পৰ্কত বোকাখাত আৰু ডিফু আৰক্ষী থানাত গনেশ দলেৰ বিৰুদ্ধে গোচৰো চলি আছে।

এই সমুহ গোচৰত জামিনত মুক্তি পোৱা গনেশ দলেয়ে অসম গণ পৰিষদ দলত যোগদান কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰিয়ভাজন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈও সক্ষম হৈছিল।

গাওঁ পঞ্চায়তৰ নিৰ্বাচনত মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল গনেশ দলেই।

পঞ্চায়ত নিৰ্বাচনৰ সময়ত গঁড় হত্যাত জড়িত গনেশ দলেক দলৰ প্ৰাৰ্থিত্ব দিব নালাগে বুলি ৰাজহুৱা আৰু দলীয় অনুৰোধ উত্থাপিত হৈছিল যদিও কৃষি মন্ত্ৰী অতুল বৰাই সকলোকে উপেক্ষা কৰি গনেশ দলেক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰি নিজেও গনেশ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

ইফালে গঁড়ৰ খৰ্গ ব্যৱসায়ত গনেশ দলেৰ নাম উচ্চাৰিত হোৱাৰ পাছত অসম গণ পৰিষদ দলৰ বোকাখাতৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ বাবেই ২৫ ছেপ্তেম্বৰত গনেশ দলেক অগপ দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছিল।

আজি পুৱা বোকাখাত আৰক্ষীয়ে গনেশ দলেক বন বিভাগৰ হাতত অৰ্পন কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে গনেশ দলেক মাৰাথান জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ৷ 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd