Operation Against Drugs বোকাখাতত নিষিদ্ধ ড্ৰাগছ সহ দুজন যুৱকক আটক

Zombodroid26112021092702

ফটো: নৰ্থইষ্ট নাও।

Operation Against Drugs বোকাখাত আৰক্ষীয়ে এক বিশেষ অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকদ্বয় হ’ল বোকাখাত আমটেঙাৰ সহদেৱ দলে আৰু বিপ্লৱ বৰা ৷

বৃহস্পতিবাৰৰ নিশা ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনৰ পৰা ড্ৰাগছৰ আঠটা কণ্টেইনাৰ উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলে ৷

নগাঁৱৰ পুৰণিগুদামৰ পৰা এই দুই যুৱকে ড্ৰাগছখিনি বোকাখাতৰ আমটেঙালৈ নি থকাৰ সময় বোকাখাতৰ ডিফলু  পথত আৰক্ষীৰ আভিযানকাৰী দলে ড্ৰাগছ সহ যুৱকদ্বয়ক আটক কৰে ৷

ধৃত যুৱকদ্বয়ৰ এজন ড্ৰাগছ আসক্ত বুলি জনায় বোকাখাত আৰক্ষীয়ে ৷

যুৱকদ্বয়ৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ’ব বুলি জানিব পৰা গৈছে ৷