চুৰি হোৱা আটা বস্তাৰ সন্ধানত অভিযান চলাই দেশীয় সুৰাৰ ভাণ্ডাৰ উৎখাত বোকাখাত আৰক্ষীৰ

বোকাখাত আৰক্ষীৰ দলটো

বোকাখাতৰ বৰচাপৰিত শনিবাৰে  ৰাতিপুৱা অবৈধভাৱে মজুত কৰি ৰখা প্রায় এশ টা দেশীয় সুৰাৰ বটল উদ্ধাৰ হয়।

বোকাখাতৰ যানবাহন আৰক্ষী শাখাৰ এখ বিশেষ অভিযানৰ সময়তে এই সুৰাৰ বটল সমূহ জব্দ হয়।

যানবাহন আৰক্ষী বিষয়াই জনোৱা মতে, শনিবাৰে ৰাতিপুৱা পশ্চিমবংগৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এন এল ০১ এ বি ৫২০৩ নম্বৰৰ আটা ভর্তি ট্রাক এখন বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত দুর্ঘটনাত পতিত হােৱাৰ ফলত ট্রাকত থকা আটাৰ বস্তা ঘটনাস্থলীতে সিঁচৰতি হৈ পৰে ৷

ঘটনাৰ সময়ত সমীপৰ বহুকেইজন বাসিন্দাই দুৰ্ঘটনাগ্ৰস্ত গাড়ী খনৰ পৰা সিচৰিত হোৱা আটাৰ বস্তাবোৰ নিজ নিজ ঘৰলৈ লৈ যায় ।

উক্ত অভিযােগৰ পাছতে বোকাখাত যানবাহন আৰক্ষী বিষয়া গােবিন কাকতিৰ নেতৃত্বত যােৱা বোকাখাত যান-বাহন আৰক্ষীৰ এটি দলে আটাৰ বস্তাৰ সন্ধানত তালাচী চলায়  দুর্ঘটনাস্থলীৰ সমীপৰ বাসিন্দাৰ ঘৰৰ পৰা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযােগত প্রায় ১৫ কুইন্টাল আটাৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানৰ সময়তে কেচু খান্দোতে সাপ ওলোৱাৰ দৰে স্থানীয় উজ্জ্বল ছহীছ আৰু ৰাজু গােৱালা নামৰ দুজন লােকৰ ঘৰৰ পৰা প্রায় ৬০ বটল অবৈধ চুলাই মদো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ যোগ্য যে, আৰক্ষীৰ আগমনৰ উমান পাই বাসিন্দা সকলে ঘৰৰ পৰা পলায়ন কৰে।

দুর্ঘটনাত পতিত ট্রাকখনৰ পৰা প্রায় ১০০ বস্তা আটা চুৰি হােৱাৰ অভিযােগ উঠিছে আৰু ট্রাকখন বর্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে  বুলি আৰক্ষী বিষয়াৰ পৰা জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, প্রথম পর্যায়ৰ লকডাউনৰ সময়তে বােকাখাত মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহাৰ লগতে বহুসংখ্যক ভাটী আৰু ঘাটি আৰক্ষীয়ে নষ্ট কৰাৰ পাছত কিছু পৰিমানে চুলাই মদৰ প্ৰচলন নিয়ন্ত্ৰিত হৈছিল যদিও শনিবাৰৰ ঘটনাই বৰচাপৰিত  চুলাই মদৰ বেহা সংগোপনে চলি থকাৰ কথা পোহৰলৈ আনে ৷