বিধানসভা নিৰ্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধান সভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা

a Polling.1

২৭মাৰ্চতহ’বলগীয়াপ্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ ২১৬ ভোট গ্ৰহন কেন্দ্ৰলৈ আজি পুৱাতে যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকল ৷

১৭গৰাকীচেক্টৰবিষয়াৰ অধীনৰ ১৭টাচেক্টৰৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রৰ বাবে

৩৮গৰাকীপ্রিজাইডিং,৭১৪গৰাকীপুলিংবিষয়াআৰু২৪গৰাকীমাইক্রঅৱজাৰভাৰে পুৱাৰে পৰাই নিজ নিজ দায়ীত্ব আৰু ভোট গ্ৰহন সামগ্ৰীলৈ সমষ্টিৰ বিভিন্ন ভোট গ্ৰহন কেন্দ্ৰলৈ যাবলৈ আৰম্ভ কৰিছে ৷

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত লহৰে চাপৰিত ১ গৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে । উল্লেখযোগ্য যে, বােকাখাত সমষ্টিত ২৬ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ।

ইয়াৰ উপৰিও ২ টা ভােট গ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়  ভােট গ্রহণ কেন্দ্র দুটাক মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰি তুলিছে মহকুমা প্ৰশাসনে ।

আজি পুৱাৰে পৰাই ভােট গ্রহণ কেন্দ্ৰলৈ বিষয়া-কৰ্মচাৰীসকল যাবৰ বাবে সৰু-বৰ প্রায় ২৫০ খন বাহন অধিগ্রহণ কৰিছে প্ৰশাসনে । বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগনত নিৰ্মান কৰা অস্থায়ী কেন্দ্ৰ পৰা নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে ভোটগ্ৰহন সামগ্ৰী সংগ্ৰহ কৰি ভোট গ্ৰহণ কেন্দ্ৰ বোৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷সমষ্টিটোৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ মুঠ টা কেন্দ্ৰক জটিল বা ক্ৰিটিকেল ভোট গ্ৰহন কেন্দ্ৰ হিচাবে চিনাক্ত কৰি বিশেষ ব্যৱস্থাও হাতত লৈছে মহকুমা প্ৰশাসনে ৷

৯মার্চতপ্রকাশপােৱা২০২১চনৰচুড়ান্তভোটাৰতালিকাঅনুসৰি৯৩ নংবােকাখাত বিধান সভা সমষ্টিতমুঠ১,৪৭,৪৮৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোট দানৰ সুবিধা লাভ কৰিব।

ইয়াৰে৭৩৭৯৮গৰাকীপুৰুষভােটাৰআৰু ৭৩৬৮৬ গৰাকীমহিলাভােটাৰ হোৱাৰ লগতে ৩ গৰাকী তৃতীয়লিংগৰভােটাৰআছে।অহা কাইলৈ বোকাখাত সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷