বোকাখাতৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক: ২৪ঘন্টাত ৩০ জন আক্ৰান্ত; সংক্ৰমণৰ হাৰ ৩.৫৪ শতাংশ

Covid19-and-Media-750x375

বোকাখাত মহকুমাত সোমবাৰেও উদ্বেগজনক হৈ আছে ক’ভিড সংক্ৰমণৰ পৰিস্থিতি ৷ মহকুমাটোত সোমবাৰৰ দিনা সংক্ৰমণৰ হাৰ হৈছে ৩.৫৪শতাংশ ৷ অৱশ্যে হাৰ দেওবাৰৰ তুলনাত সামান্য উন্নত ৷

দেওবাৰে মহকুমাটোত সংক্ৰমণৰ হাৰ আছিল ৩.৬৮ শতাংশ ৷ সোমবাৰৰ দিনা বোকাখাত মহকুমাত মুঠ ৮৩৭ জনৰ ৰেট পৰীক্ষা আৰু ১০ লোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰ ৰেট পৰীক্ষাত ২৭ জনৰ আৰু আৰ টি পি চি আৰ পৰীক্ষাত ৩ জনৰ শৰীৰত সংক্ৰমণ ধৰা পৰে ৷

গোলাঘাট জিলাত উপায়ুক্ত হিচাবে মৃগেশ নাৰায়ন বৰুৱাই দায়িত্বভাৰ গ্ৰহণৰ পিছত ক’ভিড নিয়ন্ত্ৰণৰ সামুহিক পৰিকল্পনা কিছু সলনি হৈছে ৷ দায়িত্বভাৰ গ্ৰহণৰ পিচতেই জিলাখনৰ বোকাখাত, ধনশিৰি আৰু গোলাঘাটত আৰক্ষীৰ বিশেষ তহলৰ উপৰিও সোমবাৰৰ দিনা জিলাখনত ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ কাম ত্বৰান্বিত কৰিবৰ বাবে তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷

বোকাখাত মহকুমাত সোমাবাৰৰ দিনা মহকুমাটোৰ ২৩ টা কেন্দ্ৰত মুঠ ১০,৮৫০ জন লোকক প্ৰতিষেধক প্ৰদান কৰে মহকুমা স্বাস্থ্য বিভাগে ৷

ইফালে মহকুমাটোত দেশীয় সুৰাৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ৷ সুৰা ঘাটিবোৰ উচ্ছেদ অভিযানে মানুহৰ সমাগমতো প্ৰভাৱ পেলাইছে ৷

সোমবাৰৰ পৰা গোলাঘাট জিলাত গাখীৰ যোগান আৰু ফাৰ্মাচীৰ বাহিৰে সকলোবোৰ দোকান পোহাৰ দুদিনৰ বাবে বন্ধ কৰিবৰ বাবে জিলা উপায়ুক্তই নিৰ্দেশ জাৰি কৰিছে ৷

লগতে সংক্ৰমণ বৃদ্ধিৰ বাবে বোকাখাতৰ চাৰি নম্বৰ ৱাৰ্ডৰ পূব অংশত মাইক্ৰ’ কন্টেইনমেন্ট জ’ন হিচাপেও নিৰ্দেশ জাৰি কৰা হৈছে ৷