হোটেল-ৰেষ্টুৰেন্ট আৰু ৰিজৰ্টৰ মালিক-কৰ্মচাৰীক ৪ মে’ৰ ভিতৰত কোভিড টেষ্ট কৰাৰ নিৰ্দেশ বোকাখাত মহকুমা প্ৰশাসনৰ

Covid Test

প্ৰতিনিধিত্বমূলক ফটো।

বোকাখাত মহকুমাত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তথা জনসাধাৰণৰ মাজত সংক্ৰমণ  প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাতৰ মহকুমাধিপতিয়ে মহকুমাটোৰ অন্তর্গত সকলো হোটেল আৰু ৰিজৰ্টৰ কৰ্মচাৰীক নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা কোভিড-১৯ পৰীক্ষাকেন্দ্ৰত অহা ৪ মে’ৰ ভিতৰত বাধ্যতামূলকভাৱে কোভিড-১৯ৰ টেষ্ট কৰাবলৈ নিৰ্দেশ জাৰি কৰিছে।

ইয়াৰ লগতে বজাৰ এলেকা আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অৱস্থিত সকলো ধৰণৰ দোকান, চাহ দোকান, হোটেল-ৰেষ্টুৰেণ্ট তথা ধাবা আদিৰ মালিক তথা কৰ্মচাৰীসকলকো অহা ৪ মে’ৰ ভিতৰত বাধ্যতামূলকভাৱে কোভিড -১৯ৰ পৰীক্ষা কৰাবলৈও মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে।

আনহাতে, কোনো ব্যক্তি তথা প্ৰতিষ্ঠানে এই নিৰ্দেশনা  অমান্য কৰিলে প্ৰশাসনে বিহিত ব্যবস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে বোকাখাত মহকুমাত এতিয়ালৈ ৯৭ জন কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত ৰোগী আছে ৷ বিপৰীতে মহকুমাটোত এতিয়ালৈকে মুঠ ৮৭৫২জন লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে ৷