কৃষি শস্যৰ বীজ, সামগ্ৰী বিতৰণত মন্ত্ৰী অতুল বৰাৰ সমষ্টিত দলীয় কৰ্মীৰ স্বজনপ্ৰীতি

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ জাপৰি পথাৰত কৃষি সামগ্ৰী আৰু কৃষি বীজ বিতৰণত ব্যাপক স্বজন প্ৰীতি আৰু পক্ষপাতিত্ব হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। কৃষি বিভাগৰ সামগ্ৰী বিতৰণত অকল অগপ দলৰ সমৰ্থককহে প্ৰদান কৰা বুলি জাপৰি পথাৰৰ লোকে এক অভিযোগ উত্থাপন কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমপৰ জাপৰিপথাৰত ১ ডিচেম্বৰৰ দিনা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত স্থানীয় লোকৰ সৈতে এক মুখামুখি অনুষ্ঠানৰ হয়। এই অনুষ্ঠানতেই অগপ দলৰ নেতা-পালি নেতাৰ পক্ষপাতদুষ্ট আচৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় লোকে।

সভাত কৃষি সামগ্ৰীৰ বাবে পূৰ্বৰ পথাৰ পৰিচালনা সমিতি বোৰক নাকচ কৰাকলৈও ব্যাপক ভাৱে আপত্তি দৰ্শাই জাপৰিপথাৰ অঞ্চলৰ কৃষকসকলে।

অনুষ্ঠানত স্থানীয় লোকসকলে জাপৰিপথাৰ অঞ্চলৰ পথ যোগাযোগৰ পুতৌজনক অৱস্থাৰ উন্নীত কৰণ, স্বাস্থ্য উপকেন্দ্ৰ স্থাপন, খোৱা পানীৰ যোগানৰ, বন্যপ্ৰাণীৰ দ্বাৰা শস্য নষ্টৰ উচিত ক্ষতিপূৰণ, দীৰ্ঘদিন ধৰি পৰি থকা জলসিঞ্চন আঁচনিৰ সক্ৰিয় কৰণ কৰাৰ উপৰিও ভেৰণি বন শিবিৰ এলেকাত ডিফলু নদীৰ ওপৰত থকা বাহঁৰ দলংখন শীঘ্ৰেই পকীকৰণ কৰাৰ বাবেও দাবী জনায় স্থানীয় লোকে।

অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, ইমজাৰ প্ৰতিনিধি সাংবাদিক দিব্যজ্যোতি হাজৰিকা আৰু সাংবাদিক প্ৰাঞ্জল হাজৰিকাও উপস্থিত থাকে।