কাজিৰঙাৰ এনিমেল কৰিডৰ এলেকাত সকলো ধৰণৰ নতুন নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰিলে দণ্ডাধীশে

IMG_20210702_175837

ফাইল ফটো।

ভাৰতৰ উচ্চতম ন্যায়লয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত দিয়া 42944/2019 on WP(C)202/1995 নম্বৰৰ নিৰ্দেশনাৰ উদ্ধৃতিৰে বোকাখাতৰ মহকুমা দণ্ডাধীশে বোকাখাত মহকুমাৰ অধীনত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপুৰ্ণ দুটা এনিমেল কৰিডৰ বা বুলনিত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷

ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি বৃহস্পতিবাৰে বোকাখাত মহকুমা দণ্ডাধীশ ডাঃ নেহা যাদৱে জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি মহকুমাটোৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা কাজিৰঙাৰ পানবাৰী আৰু হালধীবাৰী এনিমেল কৰিডৰ এলেকাত কোনোধৰণৰ নতুন নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব ৷

নিৰ্দেশানুসৰি এনিমেল কৰিডৰ এলেকাত থকা ধাবা বা ৰেষ্টুৰেন্টৰ উপৰিও সমগ্ৰ কৰিডৰ এলেকাত কোনো যান-বাহন ৰখা কাৰ্যক কঠোৰভাৱে নিষেধ কৰা হৈছে ৷

কৰিডৰ এলেকাত উচ্চ শক্তি সম্পন্ন আৰু প্ৰখৰ বৈদ্যুতিক পোহৰৰ ব্যৱহাৰৰ লগতে উচ্চ ক্ষমতা সম্পন্ন শব্দ যন্ত্ৰৰ ব্যৱহাৰৰ ওপৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

তাৎক্ষণিকভাৱে বলবৎ কৰা এই নিৰ্দেশ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশ আৰু সংযোজন এলেকাত উচ্চ শক্তি সম্পন্ন হৰ্ণৰ ব্যৱহাৰৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৮৮ নম্বৰ ধাৰাৰ অধীনত উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশত উল্লেখ কৰা হৈছে ৷