NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় আৰ্চাৰীত বোকাখাতৰ কিশোৰ বিশাল চাংমাইৰ কৃৰ্তিত্ব

November 7, 2018 6:34 pm · উত্তম শইকীয়া

অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাৰ্ধাত অলপতে অনুষ্ঠিত হৈ যোৱা লেনিন-ভল্গা সোঁৱৰণি ১৪ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত বোকাখাতৰ বিশাল চাংমাই নামৰ কিশোৰ গৰাকীয়ে কৃৰ্তিত্ব অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত উক্ত ৰাষ্ট্ৰীয় আৰ্চাৰীত অংশগ্ৰহণ কৰি বিশাল চাংমায়ে ডাবল ৫০ মিটাৰত ৰূপৰ, অলিম্পিক ৰাউণ্ডত ৰূপৰ আৰু দলীয় শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশালৰ এই সফলতাত বোকাখাতৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

বোকাখাত নিৱাসী শান্তনু চাংমাই আৰু মমী চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশাল চাংমাই পুনেৰ আৰ্মি স্পৰ্টচ ইনষ্টিটিউটৰ ছাত্ৰ। ইয়াৰ পূৰ্বেও বিশালে বিভিন্ন ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Related News