• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়াক পানীমিঠৈ খুৱাই পাৰ কৰিব নেকি বিতৰ্কিত বিধেয়ক?

শিৱজিত দত্ত by শিৱজিত দত্ত
November 7, 2018 5:58 pm
citizenship-amendment-bill

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ এক জাতিধ্বংসী বাৰুদ বুলি পতিয়ন গৈ তাৰ বিৰোধিতা কৰা এচাম লোকেও তাৰ দুফালে ধাৰাল চৰিত্ৰ আওকাণ কৰিছে আৰু নিজৰ অজ্ঞাতে হিন্দুত্ববাদীৰ কূটফান্দত ভৰি দিছে। এইচাম লোকে ভাবিছে যে বিধেয়কখন যদি অসমত প্ৰযোজ্য নহৈ ভাৰতৰ অন্য অংশত প্ৰযোজ্য হয়, তেন্তে আমাৰ আপত্তি কৰাৰ সকাম নাই। এওঁলোকৰ এচামে এনেকৈয়ো ভাবে যে কেন্দ্ৰীয় চৰকাৰে যদি অসম চুক্তি অনুসৰি অসমীয়াক বা খিলঞ্জীয়াক ‘সাংবিধানিক ৰক্ষাকৱচ’ দিয়ে, তেতিয়া এই বিধেয়ক আইনত পৰিণত হ’লেও আমাৰ একো সমস্যা নহয়। এওঁলোকৰ এনে অৱ্স্থান ঘোৰ ভ্ৰমাত্মক আৰু প্ৰকাৰান্তৰে অসমীয়া জাতিৰ জাতিগঠন প্ৰক্ৰিয়াৰ সমুখতো হেঙাৰ-স্বৰূপ।

কূট কলা-কৌশলত মাহিৰ আৰু বিধেয়কখন যেনে-তেনে পাৰ কৰাই নিবলৈ বদ্ধপৰিকৰ হিন্দুত্ববাদী শক্তিয়ে দুটা পানীমিঠৈ আগ বঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰথমে, তেওঁলোকে মানি ল’ব পাৰে যে অবৈধ হিন্দু বাংলাদেশীক তেওঁলোকে অসমত সংস্থাপন নিদিয়ে, ভাৰতৰ আন আন ৰাজ্যতহে থাপিব। আৰু সেইমতে থাপিবও পাৰে। পানীমিঠৈ গিলিব খোজাসকলে মন কৰক যে বিধেয়কখন কিবাকৈ আইন হৈ পৰিলে আজিৰ অবৈধ বিদেশী বাংলাদেশী কাইলৈ বৈধ ভাৰতীয় নাগৰিক হ’ব আৰু বৈধ ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে ভাৰতৰ যিকোনো ৰাজ্যলৈ যাব পাৰিব। যিহেতু ভৌগোলিকভাৱে আৰু ভাষিকভাৱেও অসম আৰু পশ্চিম বংগ তেওঁলোকৰ বাবে সবাতোকৈ ওচৰৰ, সেয়ে হিন্দী বলয় বা দক্ষিণ ভাৰতৰ অচিন পৰিৱেশৰ তুলনাত তেওঁলোকে অসমত বা পশ্চিম বংগত থাকিবলৈকে ভাল পাব। সেয়েহে প্ৰথমে দেখাত গুজৰাট, মহাৰাষ্ট্ৰ আদিলৈ গ’লেও দুই-চাৰি বছৰ পিছত তেওঁলোকৰ বুজন অংশ যে আকৌ অসমলৈকেই গুচি আহিব, সেইকথা সহজেই অনুমেয়।

Apply Now

আকৌ, ‘সাংবিধানিক ৰক্ষাকৱচ’ৰ টোপটোও পানীমিঠৈ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ, এই ৰক্ষাকৱচ আমাক দিব কেন্দ্ৰীয় চৰকাৰে। কি নিশ্চয়তা আছে যে নিজৰ কাৰ্যসূচীৰ বাটত এই কৱচ হেঙাৰ হৈ পৰিলে কেন্দ্ৰীয় চৰকাৰে ছদ্মবেশী ইন্দ্ৰই কৰ্ণৰ কৱচ কাঢ়ি নিয়াৰ দৰে কূটাঘাত নকৰিব? পাণ্ডৱক ৰাজ্য দিও কূটিল পাশতিৰে ধৃতৰাষ্ট্ৰই সেই ৰাজ্য কাঢ়ি নিয়াৰ দৰে কেন্দ্ৰীয় চৰকাৰেও সংবিধান সংশোধনৰ জৰিয়তে দত্তাপহৰণ পাপত নিমজ্জিত নহ’ব বুলি কেনেকৈ খাটাং হ’ব পাৰি? কেনেকৈ আশ্বস্ত হ’ব পাৰি যে বিতৰ্কিত বিধেয়কখনৰ যোগেদি ঐতিহাসিক অসম চুক্তিক পনীয়া কৰিব খোজা প্ৰয়াসৰ দৰে এই ঐতিহাসিক সাংবিধানিক ৰক্ষাকৱচকো পনীয়া কৰি নেপেলাব? আকৌ এবাৰ যে ‘অসমীয়া কোন’, ‘খিলঞ্জীয়া কোন’ বুলি প্ৰশ্ন তুলি আমাৰ ঐক্য-সংহতি তছ-নছ নকৰিব, তাৰ কি গেৰাণ্টি আছে? সেয়েহে সংগ্ৰাম আৰু সংহতিৰ মাজেদি এক শক্তিশালী জাতি-গঠনেহে আমাৰ স্বাৰ্থক নিকপ-কপীয়াকৈ সুৰক্ষিত কৰিব পাৰে বুলি আমাৰ বিশ্বাস আৰু ঐক্যবদ্ধভাৱে আৰু আপোচহীনভাৱে এই সৰ্বনাশী বিধেয়কৰ বিৰুদ্ধে দিয়া যুঁজে এই জাতিগঠন প্ৰক্ৰিয়াক বল-শক্তি দিব বুলি আমাৰ ধাৰণা।

পানীমিঠৈ গিলিব খোজা এচাম অসমীয়াই এটা গুৰুত্বপূৰ্ণ কথা উলাই কৰিছে। সেইটো হৈছে এই যে বিতৰ্কিত বিধেয়কখন অসমৰ স্বাৰ্থৰ পৰিপন্থী হোৱাৰ উপৰি ই ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰো পৰিপন্থী। সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যক ই উলাই কৰে। সমগ্ৰ ভাৰতত যদি সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰমূল্যসমূহ দুৰ্বল হৈ পৰে, তেন্তে তাৰ কুফল সমগ্ৰ ভাৰতৰ লগতে অসমেও ভুগিব। সেয়েহে অবৈধ বিদেশীক অসমত নাথাপোঁ বুলিলেও, সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি দিলেও, আমি এই বিধেয়ক সমৰ্থন কৰিব নোৱাৰোঁ ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰ মৌলিক চৰিত্ৰ অক্ষত ৰখাৰ স্বাৰ্থতে।

হিন্দুত্ববাদীয়ে দাবী কৰে যে বাংলাদেশত হিন্দু নিৰ্যাতিত, সেয়ে মানৱতাৰ খাতিৰত ভাৰতে তেওঁলোকক নাগৰিকত্ব দিব লাগে। আমাৰ উত্তৰ এনেকুৱা : ১) বাংলাদেশত হিন্দু নিৰ্যাতনৰ সংবাদ অতিৰঞ্জিত নাইবা অসত্য বুলি ঢেৰ তথ্য আছে। পাকিস্তানৰ দৰে তাতো বহু মুছলিম লোক নিৰ্যাতিত। মুছলিম সন্ত্ৰাসবাদীৰ হাতত মৰা পৰা সৰ্বাধিক লোক মুছলিমেই হয়। ২) ভাৰত-বিভাজন এক দুৰ্ভাগ্যজনক ঘটনা যদিও বিভাজনৰ পিছত বাংলাদেশ আৰু পাকিস্তান আমাৰ বাবে বিদেশ আৰু  হিন্দু-মুছলিম নিৰ্বিশেষে তাৰ অধিবাসী আমাৰ বাবে বিদেশী। ৩) বিদেশৰ কোনো নাগৰিক যদি তাত নিৰ্যাতিত, তেন্তে তেওঁলোকক নিৰ্যাতন-মুক্ত কৰাৰ দায়িত্ব তেওঁলোকৰ চৰকাৰৰ- ভাৰত চৰকাৰৰ নহয়। ৪) মানৱতাৰ খাতিৰত তেনে নিৰ্যাতিত মানুহক লৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক স্তৰত জনমত সৃষ্টি কৰাৰ যত্ন কৰিব পাৰে, তাকো হিন্দু বুলি নহয়, নিৰ্যাতিত মানুহ বুলিহে। দেশে দেশে নিৰ্যাতিত আছে- ভাৰত চৰকাৰে সেইসকলক লৈ মাত মাতিছেনে?

মুঠতে, হিন্দুত্ববাদীৰ অপযুক্তিত পতিয়ন গৈ বা তেওঁলোকে আগবঢ়োৱা পানীমিঠৈ চকু মুদি গিলিলে আমাৰ হিতে বিপৰীত হোৱাটো খাটাং। আমি অসমীয়া জাতিকো বচাব লাগিব আৰু তাৰ লগে লগে দেশৰ সংবিধান আৰু গণতন্ত্ৰকো সুৰক্ষিত কৰিব লাগিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

email: [email protected]

 

 

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd