জাগুনত বলেৰ’ পিক আপ ভানৰ খুন্দাত এজন লোকৰ মৃত্যু, নিষ্ক্ৰিয় যানবাহন আৰক্ষী

Road accident at Jagun

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীৰ অধীনৰ জাগুন আঠ মাইলত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়।

১৫৩ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত উক্ত পথ দুৰ্ঘটনাটোত এ এছ ২৩ বি চি ৫৯৬৯ নম্বৰৰ বলেৰ’ পিক আপ ভানখনে চাইকেল আৰোহী জয়দ্বীপ বৰাক মহটিয়াই নিয়ে। অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়ে বলেৰ পিক আপ ভানখনৰ চালকজনে জাগুন আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে জাগুন অঞ্চলৰ কেঁচা চাহপাত কঢ়িওৱা বাহনে ইয়াৰ পূৰ্বেও কেইবাজনো লোকৰ প্ৰাণ লৈছে। বলেৰ’ পিক আপ ভান এতিয়া জাগুন অঞ্চলৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। সীমামূৰীয়া অঞ্চলটোত যানবাহন আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই এইদৰে পথ দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি ক্ষুব্ধ স্থানীয় লোকে অভিযোগ কৰিছে।

অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুনত একাংশ কেঁচা চাহপাত কঢ়িওৱা বলেৰ’ পিক আপ গাড়ী, শিল বালি কঢ়িওৱা ডাম্পাৰ, ট্ৰাক, বাছ আদিৰ সঞ্চালন যথেষ্ট বৃদ্ধি হোৱাৰ ফলত প্ৰায়ে জাগুনত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। যাৰ ফলত স্থানীয় সচেতন লোক সকলে জাগুনত যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ট্ৰে’ফিক আৰক্ষীৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে।

আনহাতে আজি পুৱাই সংঘটিত জয়দ্বীপ বৰাৰ দুৰ্ভাগ্যজনক মৃত্যুয়ে জাগুনত শোকৰ ছাঁ‌ পেলাইছে।