COVID-19 প্ৰতিৰোধী যুঁজত বলিউডৰ অভিনেতা বৰুণ ধাৱানে আগবঢ়াব ৫৫ লাখ টকা

COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বলিউডৰ অভিনেতা বৰুণ ধাৱানে ৫৫ লাখ টকা বৰঙণি আগবঢ়াব বুলি ঘোষণা কৰিছে।

অভিনেতা গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ Citizen Assistance and Relief in Emergency Situations Fund-লৈ ৩০ লাখ টকা আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

কালি অৰ্থাৎ শনিবাৰে টুইটযোগে এই কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে বৰুণ ধাৱানৰ উপৰি COVID-19 প্ৰতিৰোধৰ বাবে  চৰকাৰৰ সাহায্য পুঁজিলৈ  বলিউদৰ লগতে দক্ষিণৰ কেবাজনো অভিনেতাই বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে।

অক্ষয় কুমাৰে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগঢ়াইছে ২৫ কোটি টকা। ‘বাহুবলী’খ্যাত প্ৰভাসে আগবঢ়াইছে ৪ কোটি টকাৰ সাহায্য।

প্ৰভাসে প্ৰধানমন্ত্ৰী সাহায্য  পুঁজিলৈ ৩ কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলংগানা ৰাজ্য চৰকাৰৰ দুয়োজন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  ক্ৰমে ৫০ লাখকৈ ধন আগবঢ়াইছে।

ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ ৰামচৰণে ২ কোটি, প্ৰভাসৰ পিতৃ চিৰঞ্জীৱীয়ে ১ কোটি আৰু অন্য এজন ছুপাৰষ্টাৰ মহেশ বাবুৱেও সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে।