NORTHEAST NOW (Assamese)

গুৱাহাটীত কেব বিৰোধী প্ৰতিবাদকাৰী নিহতৰ ঘটনাত কি ক’লে বলিউদৰ অভিনেত্ৰীয়ে?

December 13, 2019 12:48 pm · এন ই নাও নিউজ
Updated: December 13, 2019 3:48 pm
বলিউদ অভিনেত্ৰী ছয়ানী গুপ্তা।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত এক ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছে। বুধবাৰে আৰম্ভ হোৱা হিংসাত্মক প্ৰদৰ্শনৰ পাছত বৃহস্পতিবাৰে গুৱাহাটীত সান্ধ আইন জাৰি কৰা হয়।

ইমানেই নহয়, প্ৰতিবাদৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটীত আৰক্ষী বাহিনীৰ গুলীত ৩জনকৈ লোকে মৃত্যু বৰণ কৰিছে আৰু কেইবাজনো লোক আহত হৈছে।

অসমত প্ৰতিবাদকাৰী তিনিজন লোকৰ মৃত্যুত চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ কেব বিৰোধী আন্দোলনত মৃত্যু হোৱা এই বিষয়ত বলিউদৰ অভিনেত্ৰী ছয়ানী গুপ্তাই টুইট কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

নিজৰ টুইটত ছয়ানী গুপ্তাই অসমৰ পৰিস্থিতিকলৈ লিখিছে: ‘’আৰু আমি ভাৱি আছিলো যে আমাৰ সকলো ভাই-ভনী সুৰক্ষিত আছে।‘’

তদুপৰি ছয়ানী গুপ্তাই শাসনকলৈয়ো আৰু এটা টুইট কৰিছে যিটোৱে বহুত দৃষ্টি আকৰ্ষণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে টুইট কৰিছে: ‘’মানুহবোৰ শাসনলৈ আহিব আৰু শাসনৰ পৰা আঁতৰি যাব, একেদৰে ৰাজনৈতিক দলো আহিব আৰু যাব। সদায়ে থাকিব যিটো বস্তু সেইটো হ’ল আমি, এই দেশৰ নাগৰিকসকল, এই মহান দেশখন, যি আমাক সহাৱস্থান কৰিবলৈ আৰু আমাৰ মাজৰ ভিন্নতা আৰু বৈচিত্ৰ্যক উপভোগ কৰিবলৈ শিকালে। কোনো চৰকাৰ আৰু কোনো দলক আমি কেনে হোৱা উচিত সেইটো নিৰ্দেশ কৰিবলৈ নিদিওঁ আহক‘’

অসমত অব্যাহত থকা কেব বিৰোধী প্ৰতিবাদৰ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈছে। ৰে’লসেৱাৰ লগতে গুৱাহাটী আৰু ডিব্ৰুগড়লৈ চলাচল কৰিবলগীয়া কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।

Related News