গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

গুজৰাটৰ দলিত সম্প্ৰদায়ৰ নেতা তথা কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক অসাংবিধানিক ভাৱে গ্ৰেপ্তাৰৰ প্ৰতিবাদত তথা গণতন্ত্ৰ ৰক্ষা কৰা, ক্ষমতাৰ অপব্যৱহাৰ বন্ধ কৰা আৰু অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত বঙাইগাঁও জিলা কংগ্ৰেছে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়” ৰাজীৱ ভৱন”ৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে ৷

উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ নেতা -কৰ্মীসকলে মোদী চৰকাৰৰ অত্যাচাৰী শাসন বন্ধ কৰক, মিছা কথাত গোচৰ দিয়া নচলিব, মোদী চৰকাৰ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, অসম চৰকাৰ নিপাত যাওক, নৰেন্দ্ৰ মোদী গ’ বেক, দলিত নেতা জেগনেশ মেৱানীক মুকলি কৰি দিয়ক, বাক স্বাধীনতা হৰণ কৰা নচলিব, গণতন্ত্ৰ ৰক্ষা কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰ আৰু ৰাজ্যত যি বিজেপি চৰকাৰ চলি আছে তেওঁলোকে সংবিধানৰ নামত শপত খাই চৰকাৰ গঠন কৰিছে যদিও ভাৰতৰ সংবিধানক নাকচ তথা ধূলিসাৎ কৰাৰ বাবে অহৰহভাৱে চেষ্টা চলাই আছে সংবিধান প্ৰদত্ত বাক স্বাধীনতাক খৰ্ব কৰি ৷ আমাৰ ইয়াত শিলাদিত্য, সত্যৰঞ্জন বৰাকে ধৰি কিছুমান মানুহ আছে, তেওঁলোকে কিমান বেয়া বেয়া কথা কয় ৷

কিন্তু তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যৱস্থা লোৱাৰ সময় নাই ৷ গুজৰাটৰ কোনোবা এজনে কিবা এটা টুইটাৰত লিখিছে কোৱাও নাই, তাকে লৈ তেওঁ ইমানে সৰৱ হৈ গ’ল যে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহিবলগীয়া হ’ল ৷ সংবিধানক আপুনি সন্মান কৰা শিকক ৷ আপুনি সাংবিধানিক পদত আছে, সংবিধানৰ নামত শপত খাই আছে ৷ সংবিধানে আমাক যি বাক স্বাধীনতাৰ অধিকাৰ দিছে সেয়া ৰক্ষা কৰক ৷ আপুনি সংবিধানৰ বিৰুদ্ধে গৈ যি কাম কৰিব আমি কংগ্ৰেছ দলে তাৰ প্ৰতিবাদ কৰিমেই ৷ ক্ষমতা চিৰস্থায়ী নহয় ৷

যিদিনাখন আপুনি ক্ষমতাৰ পৰা যাব যাতে এই সমাজৰ পৰিৱেশ এনেকুৱা ৰচনা কৰি নাযায় যে আপোনাৰ ওপৰতে আকৌ বেলেগ চৰকাৰে আহি এনেকুৱা ধৰণৰ পদক্ষেপ ল’বলৈ বাধ্য হয় ৷ গতিকে তেওঁক আমি অনুৰোধ জনাইছো তেওঁ যাতে সংবিধানত যিবিলাক বাক স্বাধীনতাই কওক, গণতান্ত্ৰিক অধিকাৰে কওক আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে সেইবোৰ ব্যক্তি এজনে পালন কৰাৰ ক্ষেত্ৰত বা উপভোগ কৰাৰ ক্ষেত্ৰত যাতে তেওঁ কোনো ধৰণে বাধা আৰোপ নকৰে ৷

বিধায়কগৰাকীয়ে লগতে কয় যে জিগনেশ মেৱানী হ’ল এগৰাকী দলিত নেতা ৷ বিজেপি চৰকাৰ দলিত, অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু বিৰোধী ৷ কিন্তু গুজৰাটৰ পৰা এজন দলিত নেতাক গ্ৰেপ্তাৰ কৰি আনি পুনৰ তাক প্ৰমাণ কৰিলে ৷