বঙাইগাঁও জিলাত নতুনকৈ ২৮  জন ব্যক্তি ক’ভিডত আক্ৰান্ত 

Covid-Test-750x375

প্রতিনিধিত্বমূলক ফটো।

বঙাইগাঁও জিলাত অব্যাহত আছে ক’ৰোনাৰ সংক্ৰমণ ৷

জিলাখনত শনিবাৰৰ দিনটোত নতুনকৈ পুনৰ ২৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে৷

আনহাতে সুস্থ হৈ উঠিছে ৪৪ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ ২৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ ১৫৪ জন সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১২১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৩ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

আনহাতে শনিবাৰে জিলাখনত  মুঠ ৩,২০৮ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ২৪ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৫৭২ জন হৈছে ৷