NORTHEAST NOW (Assamese)

সাম্ভাৱ্য বানপানী সন্দৰ্ভত বঙাইগাঁও জিলাৰ বিভাগীয় মুৰব্বী বিষয়াৰ সৈতে উপায়ুক্তৰ পৰ্যালোচনা বৈঠক

May 24, 2021 10:59 pm · প্ৰণৱ কুমাৰ ডেকা

সাম্ভাৱ্য বানপানী সন্দৰ্ভত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয়।

পৰ্যালোচনা সভাত বানপানী হোৱাৰ আগতেই বিভাগীয় বিষয়াই যি যি কাম কৰিব লাগে যেনে-জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণ, কৃষি বান্ধ নিৰ্মাণ, লোক নিৰ্মাণ(পথ) বিভাগৰ পথ নিৰ্মাণ, কৃষি বিভাগৰ কঠিয়া সিঁচা নাৰ্চাৰী চিনাক্তকৰণ, পশু খাদ্যৰ বাবে ঘাঁহৰ খেতি কৰা, এপিডিচিএলৰ বিপজ্জনক খুটা সলনি আৰু প্ৰয়োজনীয় বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ স্থাপন, বানাক্ৰান্ত এলেকাৰ লোকৰ বাবে আশ্ৰয় শিবিৰ চিনাক্তকৰণ,বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থা,প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বাবে আগতীয়া ব্যৱস্থা,ঔষধ আদিৰ ব্যৱস্থা,ক’ভিডৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত এলেকাৰ লোকৰ বাবে ভেকচিনৰ ব্যৱস্থা আদি সম্পৰ্কত আলোচনা কৰা হয় ।

বিভাগীয় বিষয়াসকলে যাতে তেওঁলোকৰ কৰণীয়খিনি ঠিকমতে কৰে তাৰ বাবে উপায়ুক্তগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে৷

এই ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থাপনা সন্দৰ্ভত উপায়ুক্তগৰাকীক জনাবলৈও নিৰ্দেশ দিয়ে যাতে উপায়ুক্তই সময়সাপেক্ষে পদক্ষেপ ল’ব পাৰে।

পৰ্যালোচনা সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা: ছৈয়দ তহিদুৰ ৰহমান, পংকজ চমুৱাৰ লগতে চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা আঁচনি প্ৰৱন্ধক(এন এইচ এম), জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া আৰু ক্ষেত্ৰ বিষয়াসকল, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, লোক নিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা, এপিডিচিএল ৰ অভিযন্তা, জিলা কৃষি বিষয়া, জিলা মীন বিষয়া,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া, জিলা পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ বিষয়াসকল উপস্থিত আছিল ৷

Related News