বঙাইগাঁও জিলা উপাযুক্তৰ শিক্ষা, আবকাৰী আৰু ক্ৰীড়া বিভাগৰ কাম- কাজৰ পৰ্যালোচনা

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই প্ৰতি মাহতে জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰি আহিছে।

সেই অনুসৰি বুধবাৰে বঙাইগাঁও আৱৰ্ত ভৱনৰ উপায়ুক্তৰ অস্থায়ী কাৰ্যালয় কক্ষত শিক্ষা, আবকাৰী,ক্ৰীড়া আদি বিভাগৰ বিগত মাহৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ লগত জিলা উপায়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে।

জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বঙাইগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আমীৰ হুছেইনে জনোৱা মতে অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদত ২২.২৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পুথিভঁৰাল গৃহটিৰ নিৰ্মাণৰ কাম বৰ্তমানলৈ ৬৮ শতাংশ আগবাঢ়িছে।

ইয়াৰ উপৰি বিদ্যালয়খনত নিৰ্মাণ কৰি থকা ল’ৰাৰ টয়লেটৰ কাম ৭২ শতাংশ আৰু ছোৱালীৰ টয়লেট নিৰ্মাণৰ কাম ৪৫ শতাংশ আগবাঢ়িছে।

আনহাতে বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰি থকা পুথিভঁৰাল গৃহৰ কাম বৰ্তমানলৈ ৬৬ শতাংশ আগবাঢ়িছে।

বৰজানা হাইস্কুলত ছোৱালীৰ( বিশেষভাৱে সক্ষম) বাবে নিৰ্মাণ কৰা টয়লেটৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।

তদুপৰি বৰপথাৰ হাইস্কুলত ছোৱালীৰ বাবে নিৰ্মাণ কৰি থকা টয়লেটৰ কাম ৭৬ শতাংশ আগবাঢ়িছে।

আনহাতে আবকাৰী বিভাগৰ বঙাইগাঁৱত থকা অধীক্ষকে জনোৱা মতে জিলাখনত বিগত মাহত সুৰাৰ দোকান খোলাৰ আবেদন, অনুজ্ঞা পত্ৰৰ নবীকৰণ আদি পৰা অহা ৰাজহৰ পৰিমাণ পূৰ্ৱৰ মাহতকৈ বাঢ়িছে।

সেইদৰে ক্ৰীড়া বিভাগৰ অধীনত বঙাইগাঁৱত ৫০ কোটি টকা ব্যয় সাপেক্ষ এখন ‘জিলা ষ্টেডিয়াম’ নিৰ্মাণৰ প্ৰস্তাৱ দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে।

আনহাতে বিধানসভা সমষ্টি অনুযায়ী নিৰ্মাণ কৰিবলগীয়া ৩ খন মিনি ষ্টেডিয়ামৰ ভিতৰত বঙাইগাঁও সমষ্টিৰ বৰ্ষণগাঁৱত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিয়া হৈছে বুলি জিলা ক্ৰীড়া বিষয়াই জানিবলৈ দিছে।

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি আৰু অভয়াপুৰী দক্ষিণ(অনুসূচিত জাতি) বিধানসভা সমষ্টিতো একোখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰিও অভয়াপুৰী চহৰ আৰু বঙাইগাঁও চহৰত দুখন অপেন জিম বনোৱাৰ বাবেও ব্যৱস্থা হাতত লোৱা হৈছে ৷