• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসক এম এম ইছলামৰ বিৰুদ্ধে জামাতিক গোপনে চিকিৎসা কৰাৰ ভয়ংকৰ অভিযোগ

জিলা উপায়ুক্তক উপযুক্ত তদন্তৰ নিৰ্দেশ মন্ত্রী হিমন্তৰ; ইছলামৰ বিৰুদ্ধে বহু তথ্য জিলা উপায়ুক্তৰ হাতত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2020 1:24 pm
WhatsApp Image 2020-05-02 at 12.51.31 PM

চিকিৎসক ডাঃ এম এম ইছলাম। ফাইল ফটো

5.1k
VIEWS
Share on FacebookShare on Twitter

যি সময়ত সমগ্ৰ বিশ্বজুৰি চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজখনত নিজৰ কৰ্তব্য পালন কৰি আহিছে, তেনে সময়তে বঙাইগাঁও ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ।

স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া এম এম ইছলামৰ বিৰুদ্ধে জামাতিৰ লগত সু-সম্পৰ্ক ৰাখি তেওঁলোকক মনে মনে চিকিৎসা সেৱা প্ৰদান কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্তৰ হাতত চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু তথ্য আহি পৰিছে বুলি কালি এক সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“আমাৰ জিলা উপায়ুক্তই চিন্তা কৰি আছে যে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? কাৰণ তেওঁ জামাতি সকলৰ লগত সম্পৰ্ক ৰাখি চিকিৎসা সেৱা আগবঢ়াই আহিছিল বুলি খবৰ ওলাইছে। সেই হাস্পাতালৰ পৰাই যেন মাৰাত্মক ৰোগটো বিয়পিছে তেনে কিছু তথ্য পোহৰলৈ আহিছে। জিলা উপায়ুক্তৰ হাতত বহু তথ্য আছে যে সেইগৰাকী চিকিৎসকৰ কাৰণে তেনে এটা ঘটনা গোটেই জিলাখনতে সংঘটিত হ’ল।” ডিএমচিএইচত সম্বোধন কৰা এক সংবাদমেলত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে কালি স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সঞ্চালক বঙাইগাঁও জিলাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, “জিলা উপায়ুক্তক কোৱা হৈছে ভাবি চিন্তি সত্য-সত্যতা চাইহে চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পুলিচে নিজে গোচৰ ৰুজু কৰি তেওঁক নিৰীক্ষণত ৰাখিছে। চিকিৎসকজনৰ আচাৰ-ব্যৱহাৰ আমাৰ নজৰত আছে।”

ইপিনে, সেই স্বাস্থ্য কেন্দ্ৰতে কৰ্মৰত এগৰাকী নাৰ্চেও ইছলামৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ।

নাৰ্ছ গৰাকীৰ অভিযোগ অনুসৰি “চিকিৎসকজনৰ জামাতি জমিৰ আলিৰ সৈতে সু-সম্পৰ্ক আছিল আৰু তেওঁৰ গৃহত গৈ সঘনে ভাত পানীও খাইছিল। দলাইগাঁও উজানপাৰাৰ জমিৰ আলি গুৱাহাটীৰ আঠগাওঁ মছজিদত গৈ ধৰ্মীয় সভাত অংশ লৈ বঙাইগাঁওলৈ উভতি আহিছিল।”

ইপিনে, চিকিৎসকজনৰ বাবেই স্বাস্থ্য কেন্দ্ৰটোৰ দুগৰাকীকৈ স্বাস্থ্য কৰ্মী ক্ৰমে অনুপম ঠাকুৰীয়া আৰু ববিতা বাছফৰৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, দুগৰাকী কোভিড-১৯ ৰোগী ধৰা পৰাৰ পাছতে কালি বঙাইগাঁও জিলা প্ৰশাসনে স্বাস্থ্য কেন্দ্ৰটো ছীল কৰি দিছে। লগতে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক নাৰ্ছকে ধৰি মুঠ ২১৩ গৰাকী লোকক হোম কোৱাৰেন্টাইনত থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছে।

জানিব পৰা মতে চিকিৎসক জনৰ লগতে তেওঁৰ পাঁচ জনীয়া পৰিয়ালটোকো হোম কোৱাৰেন্টাইনত ৰখা হৈছে।

Recent News

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd