• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত পুনৰ আৰক্ষীৰ জালত পৰিল এজন চিলনী চোৰ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 13, 2021 8:32 pm
bin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও চহৰত সন্ত্ৰাস চলাই অহা চিলনী চোৰ চক্ৰৰ অন্যতম এজনক নিউ বঙাইগাঁও আৰক্ষীয়ে আটক কৰে ৷

নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে বঙাইগাঁও চহৰৰ মহাবীৰস্থানৰ ৰে’লৱে আবাসিক এলেকাত অভিযান চলাই মনোজিৎ বৰ্মন নামৰ চিলনী চোৰজনক আটক কৰে ৷

ধৃত মনোজিৎ বৰ্মনৰ ঘৰ ঢালিগাঁৱত যদিও মহাবীৰস্থানত আত্মগোপন কৰি আছিল ৷ উল্লেখ্য যে যোৱা চাৰি জুনত নিউ বঙাইগাঁও ডাংতল পথত দিনৰ ভাগত স্কুটাৰেৰে গৈ থকা এহাল দম্পতীৰ পৰা সোণৰ অলংকাৰ কাঢ়ি নিয়া ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নিউ বঙাইগাঁও আৰক্ষীয়ে তদন্ত কৰি দহ জুনত ইজাহাৰ খান নামৰ চিলনী চোৰ এজনক আটক কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন নম্বৰ প্লেট বিহীন মটৰচাইকেল জব্দ কৰিছিল ৷

এই মটৰ চাইকেলখনৰ গৰাকী আছিল মনোজিৎ বৰ্মন ৷ আৰক্ষীয়ে ইজাহাৰ খানক আটক কৰি জেৰা কৰাত ঘটনাৰ সৈতে মনোজিৎ বৰ্মন জড়িত থকা বুলি ইজাহাৰ খানে আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল ৷
লগতে কাঢ়ি নিয়া সোণৰ অলংকাৰ নতুন পাৰাৰ ওম জুৱেলাৰ্ছ নামৰ প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ক্ৰয় কৰা বুলি স্বীকাৰোক্তি দিছিল ৷ পিছত আৰক্ষীয়ে চুৰি কৰা সোণৰ অলংকাৰ ক্ৰয় কৰা প্ৰতিষ্ঠানখনৰ গৰাকী পংকজ শ্বাহক আটক কৰাৰ লগতে গলোৱা অৱস্থাত সোণখিনি উদ্ধাৰ কৰিছিল ৷
আৰক্ষীয়ে পিছত ইজাহাৰ খান আৰু পংকজ শ্বাহক গ্ৰেপ্তাৰ কৰি এঘাৰ জুনত আদালতত হাজিৰ কৰাই অধিক সোধ- পোছৰ বাবে দুদিনৰ কাৰণে নিজৰ জিম্মালৈ নিছিল ৷

আনহাতে আৰক্ষীয়ে মনোজিৎ বৰ্মনক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছিল আৰু শনিবাৰে বিয়লিৰ ভাগত আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই চিলনী চোৰৰ লগতে সোণৰ অলংকাৰ ক্ৰয় কৰা ওম জুয়েলাৰ্ছৰ গৰাকীজনক দেওবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকে জেললৈ প্ৰেৰণ কৰে ৷

ইপিনে জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালে সংবাদ মাধ্যমৰ আগত কেৱল এনে দুস্কাৰ্যৰ লগতে নহয় যিকোনো অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষী কঠোৰ হ’ব বুলি কৈ তেনে কিবা অভিযোগ থাকিলে ৰাইজক আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনায় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd