বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব- অসম প্ৰদেশ সাংবাদিক সন্থাৰ শোক
পাতাল ভৈৰৱী, গঙা চিলনীৰ পাখি, কায়কল্পক ধৰি অনেক কালজয়ী গ্ৰন্থৰ স্ৰষ্টা ,বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ৷
লগতে বিশিষ্ট কথাশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
এক প্ৰেছ বিবৃতিত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিৎ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই পদ্মশ্ৰী সন্মানেৰে বিভূষিত, সৰস্বতী সন্মানেৰে সন্মানিত তথা সাহিত্য অকাডেমি বঁটা প্ৰাপকগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় ৷
আনহাতে বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগ অসমৰ সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে অসম প্ৰদেশ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক কুন্তল কলিতাই ৷
এক প্ৰেছ বিবৃতিত সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জীৱনকালত সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷