স্বাধীনতা দিৱস: খেল-ধেমালি, শোভাযাত্ৰাৰে উদযাপন বঙাইগাঁৱৰ কোকিলাত

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাওঁ জিলাৰ কোকিলাৰ বিভিন্ন অঞ্চলটো উলহ-মালহেৰে উদযাপন কৰা হয় ভাৰতৰ ৭২ সংখ্যক স্বাধীনতা দিৱস।

কোকিলা প্ৰেছ ক্লাবৰ লগতে বৃহত্তৰ কোকিলা, নাম্বাৰপাৰা, চাকলা, ভাণ্ডাৰা, কাছদহা আদি অঞ্চলত স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। বিভিন্ন স্কুল, কলেজ, ক্লাব, এনজিঅ’ৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

জিলাখনৰ শৌলমাৰী ছেভেন ষ্টাৰ ক্লাবে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খেল-ধেমালিৰ আয়োজন কৰে। আবেলিলৈ বিভিন্ন ধৰণৰ নৃত্য-গীত, কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰে।

বঁটা বিতৰণ কাৰ্যসূচীত সভাপতিত্ব কৰে আব্দুছ ছালাম, পৰিচালনা কৰে স্থানীয় যুৱক ইয়াছিন আলীয়ে।

স্বাধীনতা আমাৰ জন্মস্বত্ব, স্বাধীনতা দিৱস পালন কৰক, ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰক আদি শ্লোগানেৰে ৰাজপথ মুখৰিত কৰি উলিওৱা হয় শোভাযাত্ৰাও।

অনুষ্ঠানটোত স্থানীয় যুৱক-যুৱতী. শিশুসকলে উৎসাহেৰে ভাগ লোৱাৰ লগতে উপস্থিত থাকে স্থানীয় গণ্য-মান্য ব্যক্তিসকল।