গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ : ১ কোটি টকাৰো অধিক গ্ৰন্থ বিক্ৰী!

index.jpgp

অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত আজি পৰিলক্ষিত হয় বিপুল জনস্ৰোত। দিনৰ পৰা নিশালৈকে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীৰ সমবেত হৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।

ইফালে গ্রন্থ বিক্ৰীৰ পৰিমাণো সন্তোষজনক বুলি সদৰি কৰিছে প্রকাশন গোষ্ঠীসমূহে৷ আজিৰ দিনটোত প্রায় ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে অসম প্রকাশন পৰিষদে৷ পৰিষদৰ বিপণীত আজিও সৰ্বাধিক বিক্ৰী হয় বিপুলজোতি শইকীয়া সম্পাদিত “হীৰেন ভটাচা্য ৰচনাৱলী’। বিশেষকৈ তৰণ প্ৰজন্মই ‘হীৰেন ভটাচাৰ্য ৰচনাৱলী’ বিচাৰি প্রকাশন পৰিষদৰ বিপণীত ভিৰ কৰা পৰিলক্ষিত হয়। পৰিষদে এইবেলি নতুনকৈ প্ৰকাশ কৰা আন গ্ৰন্থসমূহো পঢ়ুৱৈৰ মাজত সমাদৃত হৈছে।

ইপিনে আজিও গ্রন্থমেলাত কেবাখনো গুৰুতবপৰ্ণ আলোচনা সত্ৰ অনুগ্ঠিত হয়। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে ‘উত্তৰ ক’ভিড কালত গ্ৰন্থ উদ্যো : প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক আলোচনা সত্ৰ।

আলোচনা সত্ৰখনৰ উদ্বোধনী ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিক তথা পুথি প্রকাশক নবীন বৰুৱই ক’ভিডৰ পৰিণতিত গ্ৰন্থ উদ্যোগ বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে।

অৱশ্যে শেহতীয়াকৈ পৰিস্থিতি কিছু পৰিমাণে উন্নত হোৱাত গ্ৰন্থ উদ্যোগলৈ পুনৰ উদ্যম ঘূৰি অহা বুলি উল্লেখ কৰি বৰুৱাই কয়— “সকলো জাগতিক ঘটনাৰ ইতিবাচক দিশো থাকে। ক’ভিডে গ্ৰন্থ বিক্ৰীৰ ক্ষেত্রত নতুন বাটো মুকলি কৰিছে। সেই মৰ্মে আমাজ’ন, স্পেপডীলত গ্ৰন্থ উপলব্ধ হৈছে। এয়া আশাৰ বতৰা৷

আলোচনা সত্ৰখনৰ পৰিচালক বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই কয়— ‘ক’ভিডৰ পৰিণতিত কেৱল গ্রন্থ উদ্যোগেই নহয় ছপা মাধ্যম বিশেষকৈ বাতৰি কাকতৰ অপূৰণীয় ক্ষতিৰ গ্ৰাসত পৰিছে। অসমতে বহু সাংবাদিকে এই সময়ছোৱাত কৰ্ম হেৰুৱাবলগীয়া হোৱাটো দু্ভাগ্যজনক। এই ক্ষেত্ৰত বাতৰি কাকত বিৰোধী, গ্ৰন্থ বিৰোধী অপশক্তিৰো জড়িত হৈ আছে।’

 

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ আগশাৰীৰ প্রকাশন প্রতিষ্ঠান পাঞ্চঞ্জন্যৰ স্বত্বাধিকাৰ ধীৰাজ কুমাৰ লহকৰে ক’ভিডৰ ফলত গ্ৰন্থ বিতৰণ এতিয়াও সুচল হৈ উঠা নাই বুলি উল্লেখ কৰি কয় যে মেলা, পূজা আদিত গ্ৰন্থ বিক্ৰীৰ প্ৰক্ৰিয়াটো বন্ধ হৈ পৰিছে।’

এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰহথমেলাই যথেষ্ট ইতিবাচক পৰিৱেশ ৰচনা কৰা বুলিও কয় লহকৰে।

ৰাজ্যখনৰ আন এটা অভিজাত প্রকাশন প্রতিষ্ঠান ‘বনলতা’ৰ মনিষ হাজৰিকাই কয় যে ক’ভিডৰ ফলত নিৰাশাজনক পৰিবেশৰ সৃষ্টি হৈছে যদিও এই সময়ছোৱাত বহু লেখকে ভাল গ্ৰন্থ ৰচনা কৰিছে। এয়া লেখক-প্রকাশক আৰু পাঠকৰ বাবে আশাবাঞ্জ্যক।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰকাশক প্ৰীতিমা কৌশিক বৰুৱায়ো ক’ভিডৰ সময়ছোৱাত অনলহ্ন পাঠকৰ সংখ্য বৃদ্ধি পোৱা বুলি মন্তব্য কৰি ইয়াৰ মাজত নতুন সম্ভাৱনা থকা বুলি কয়।

আলোচনা সত্ৰখনত বিপুল দেউৰী, অমৃত কুমাৰ উপাধ্যায়, বুলজিৎ বুঢ়াগোহাঞিকে ধৰি কেবাগৰাকী লেখক-সাহিত্যিক-প্রকাশকে অংশগ্ৰহণ কৰে।

ইপিনে আজি গ্রন্থমেলাৰ বেণু মিশ্ৰ সোঁৱৰণী প্ৰেক্ষাগৃহত কিতাপ গোট’ৰ উদ্যোগত অনুষ্ঠিত হয় ‘কিতাপৰ চৈ দিয়া নাও’ শীৰ্ষক অনুষ্ঠান। ইয়াত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডঃ  ৰীতা চৌধুৰী, অনুৰাধা শৰ্ম৷ পূজাৰী আৰু বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে।

আজি বিয়লি গ্রন্থমেলাত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় দেশ-বিদেশ ২০২০ ‘শীৰ্ষক ‘কুইজ-আলাপ’। জ্যেষ্ঠ অসামৰিক বিষয়া ভাৰতভূষণ দেৱচৌধুৰী আৰু ডাঃ সমূজ্জ্বল ভৰদ্বাজৰ পৰিচালনাত অনুষ্ঠিত এই কুইজত প্ৰশ্নসমূহৰ উত্তৰৰ বিপৰীতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

আনহাতে গ্রস্থমেলাৰ অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত উন্মোচিত হয় গিৰিধৰ মহন্তৰ ত্ৰিধাৰা’ শীৰ্ষক এখনি নৃত্য-নাটিকা। অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা ইয়াৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক-সাহিত্যিক বিপুল দেউৰী,  প্ৰফুল্ল বৰ্মন, উৎপল দত্ত, নম্ৰতা দত্ত, বিশিষ্ট অভিনেতা কপিল বৰা আদি।

গ্ৰন্থমেলা বাকৰিত আজি প্ৰতিশ্ৰুতি প্রকাশনৰো তিনিখন গ্ৰন্থ উন্মোচন হয়। একেদৰে গগনচন্দ্ৰ অধিকাৰী সোঁৱৰণী প্ৰেক্ষাগৃহত ২০১৯ বৰ্ষৰ বাবে স্বৰ্ণলিপি কাব্য বঁটা প্ৰদান কৰ| হয় বিশিষ্ট কৰি গংগামোহন মিলিক।

ইয়াৰ লগত সংগতি ৰাখি ‘স্বৰ্ণলিপি’ৰ উদ্যোগত অনুষ্ঠিত কবি সন্মিলনত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডঃ আনন্দ বৰমুদৈ আৰু মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প নাথে।

তদুপৰি বেণু মিশ্ৰ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জনগোষ্ঠীয় বহুভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনৰ এক অনু্ঠান।

সন্ধিয়ালৈ আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সুশীল কুমীয়ে।