সাহিত্যিক মীনাক্ষি বুঢ়াগোহাঁইৰ নতুন উপন্যাস “ঈৰজৰ মৰূদ্যান” উন্মোচন

দেওবাৰে দিনৰ ১২বজাত হাতীগাঁওৰ শান্তিবন পথৰ ওঁম ৰেছিডেঞ্চীৰ সভাকক্ষত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সাহিত্যিক তথা তুৰা চৰকাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা মীনাক্ষি বুঢ়াগোঁহাইৰ “ঈৰজৰ মৰূদ্যান” শীৰ্ষক নতুন উপন্যাসখন উন্মোচন কৰে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক স্ব-নামধন্য সাহিত্যিক বিপুল দেউৰীয়ে৷

ইতিমধ্যে ২০খনকৈ প্ৰকাশিত গ্ৰন্থৰ গ্ৰন্থকাৰ সাহিত্যিক মীনাক্ষি বুঢ়াগোহাঁইয়ে “ঈৰজৰ মৰূদ্যান” উপন্যাসখনত পৰ্যটকক সদায়েই আকৰ্ষণ কৰি অহা ৰাজস্থানৰ মৰূদ্যান চহৰ জয়চালমেৰৰ সোণালী বালিক কেন্দ্ৰ কৰি গঢ়ি উঠা হোটেল উদ্যোগ আৰু পৰ্যটকৰ দৰ্শনীয় স্থানসমূহৰ লগতে সেই অঞ্চলৰ সামাজিক ৰীতি নীতি তথা বহু বিষয় যথেষ্ট তথ্য সহকাৰে পাঠকৰ বাবে মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰিছে৷

২৫৫ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰিছে অসমৰ অভিজাত প্ৰকাশন গোষ্ঠী পাণবজাৰৰ ষ্টুডেণ্টচ্‌ ষ্ট’ৰছে‌৷

সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা এই গ্ৰন্থ উন্মোচনী সভাখনত সন্মানীয় অতিথি হিচাপে এসময়ত ভূপেন হাজৰিকাৰ ঘনিষ্ঠ সহযোগী তথা শিল্পী পেঞ্চন লাভ কৰা বিশিষ্ট শিল্পী সূৰ্য গোস্বামী,গল্পকাৰ সংগীতা বৰা, অনুবাদক মীৰা গোস্বামী,দিলীপ কুমাৰ শৰ্মা,আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ অভিযান্ত্ৰিক সহযোগী অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, অতুল ডেকা,বন্তি বৰা, বিনন্দী বৰা ,ৰঞ্জনা গগৈ,ৰমেন দাস, প্ৰতিভা ডেকা,উৰ্মি শৰ্মা, বিদ্যুৎ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও গণ্য -মান্য ব্যক্তি উপস্থিত থাকে৷

গ্ৰন্থ বিপণীৰ লগতে অনলাইনযোগেও বজাৰত উপলব্ধ “ঈৰজৰ মৰূদ্যান ” গ্ৰন্থখনে ইতিমধ্যেই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷