NORTHEAST NOW (Assamese)

‘নক্সি লিটিল টেলচ্’ : বঙাইগাঁৱত তচমিনা দাসৰ চুটি গল্পৰ পুথি উন্মোচন

December 24, 2021 6:45 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: December 24, 2021 6:54 pm

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱস্থিত হোটেল জাহ্নৱীত আয়োজিত এক অনুষ্ঠানত ‘নক্সি লিটিল টেলচ্’ নামৰ ইংৰাজী চুটি গল্পৰ পুথি এখন উন্মোচন কৰা হয় ৷

২৩ টাকৈ চুটি গল্পৰ এই পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে লেখিকা তচমিনা দাসে ৷

অনুষ্ঠানত বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা – পৰিঘটনাৰ আলম লৈ চুটি গল্পসমূহ ৰচনা কৰা বুলি জানিব দিয়ে লেখিকা তচমিনা দাসে।

ধালিগাঁও নিৱাসী তথা বৰ্তমান হামৰেঙৰ উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনৰ পত্নী তচমিনা দাসৰ এইখন প্ৰথম চুটি গল্পৰ পুথি বুলি তেওঁ জানিবলৈ দিছে ৷

Related News