উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ অৱদান সন্দৰ্ভত গ্ৰন্থ উন্মোচন

74356466_2684154444939501_5806508446584930304_n

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ ওপৰত লিখা Some Stories Left Untold" নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্ত। ফটো উৎস : ফেইচবুক

সোমবাৰে নতুন দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেশ্যনেল চেন্টাৰ (IIC) প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ সন্দৰ্ভত প্ৰণয়ন কৰাএখন গ্ৰন্থ উন্মোচন কৰা হয়।

উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ অৱদানৰ বিষয়েহিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ দ্বাৰা লিখি উলিওৱা তথা প্ৰকাশিত হোৱা “Some Stories Left Untold” নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক হৰিশ ৰাৱাটে।

গ্ৰন্থখন উন্মোচন কৰি ৰাৱাটে গ্ৰন্থখনৰ প্ৰথমটো কপি ড০ মনমোহন সিঙৰ হাতত অৰ্পন কৰে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়াও উপস্থিত থাকে।

তদুপৰি, অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী ছেলজা, অসমৰ প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

অসমৰ পৰা পাঁচবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱা ড০ মনমোহন সিং  দুটাকৈ কাৰ্যকালৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাইছিল। ১৯৯১ চনৰ পৰা ২০১৯ লৈকে তেওঁ অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল।