বিএমডব্লিউ মটোৰাড (BMW Motorrad) মটৰ চাইকেলৰ নাম শুনিলেই বহুতেই সপোনৰ দেশলৈ গতি কৰে। এইবাৰ ভাৰতীয় ক্ৰেতাসকলৰ বাবে মধ্যমীয়া ওজনৰ এযোৰ বাইক আনিবলৈ ওলাইছে কোম্পানীটোৱে। অতি সোনকালে দেশত আহি আছে BMW F 900 GS আৰু BMW F 900 GS Adventure। ইতিমধ্যে দুয়োখন বাইকৰ বুকিং আৰম্ভ হৈছে। কেইদিনমানৰ পিছতে মুকলি কৰা হ’ব।
কোম্পানীটোৰ পৰ্টফলিঅ’ত ক্ৰমে এফ ৮৫০ জি এছ আৰু এফ ৮৫০ জি এছ এডভেঞ্চাৰৰ ঠাই ল’ব বিএমডব্লিউ এফ ৯০০ জিএছ আৰু বিএমডব্লিউ এফ ৯০০ জিএছ এডভেঞ্চাৰে। দুয়োখন মটৰ চাইকেল নতুন ৮৯৫ চিচি ইঞ্জিনেৰে চলিব। ইয়াৰ সৰ্বোচ্চ শক্তি ৮,৫০০ আৰ পি এমত ১০৫ বি এইচ পি আৰু ৬,৭৫০ আৰ পি এমত ৯৩ এন এম টৰ্ক। মটৰটো ছয় স্পীড গিয়াৰবক্স আৰু বাই-ডাইৰেকচনেল কুইকশ্বিফ্টাৰৰ সৈতে সংযুক্ত কৰা হ’ব।
উল্লেখযোগ্য যে বিএমডব্লিউ এফ ৯০০ জিএছত ১৪.৫ লিটাৰৰ ইন্ধনৰ টেংক থকাৰ বিপৰীতে এডভেঞ্চাৰ মডেলত ২৩ লিটাৰৰ ইন্ধনৰ টেংক আছে। এই বিশাল বাইকখনৰ ওজন ২৪৬ কেজি। তুলনামূলক ষ্টেণ্ডাৰ্ড ভেৰিয়েন্টখন ২৭ কিলোগ্ৰাম লঘু।
লগতে পঢ়কঃ স্কুল বাছ মানেই ইয়াৰ ৰং হালধীয়া! কিয় জানেনে? ইয়াৰ আঁৰত আছে ডাঙৰ বৈজ্ঞানিক কাৰণ
BMW F 900 GS এ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণযোগ্য USD ফ্ৰন্ট ফৰ্ক আৰু পিছফালৰ মনোশ্বক ছাচপেনচন প্ৰদান কৰা হৈছে। সেইবাবেই এই বাইকখন অফ-ৰোডিঙৰ বাবে আদৰ্শ হৈ পৰিছে। দীঘলীয়া যাত্ৰাৰ বাবে BMW F 900 GS Adventure ৰ সৈতে আহিব ইলেক্ট্ৰনিকভাৱে এডজাষ্টেবল ছাচপেনচন। দুয়োখন বাইকতে ট্ৰেকচন কন্ট্ৰোল, কৰ্ণাৰিং এবিএছ, মাল্টিপল ৰাইডিং মোড আৰু ৬.৫ ইঞ্চিৰ টিএফটি ডিছপ্লে থাকিব। ভাৰতত এই বাইক যোৰৰ মূল্য ১৩.৫ লাখ টকা (এক্স-শ্ব’ৰুম) ৰ পৰা আৰম্ভ হ’ব বুলি অনুমান কৰা হৈছে।