আজি গোলাঘাট গ্ৰন্থমেলাৰ সপ্তম দিন। গ্ৰন্থমেলাৰ বাকৰিত আজি গ্ৰন্থপ্ৰেমীৰ অভুতপূৰ্ব সঁহাৰি দেখা পোৱা যায়।
গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত গোলাঘাট গ্ৰন্থমেলা বাকৰিত ভিৰ কৰিছে দৈনিক ৫-১০ হাজাৰ গ্ৰন্থপ্ৰেমীয়ে।
যোৱা ৬ দিনত গোলাঘাট গ্ৰন্থমেলাৰ পৰা প্ৰায় ১ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ বিপৰীতে পাঠকৰ সঁহাৰি দৈনিক বৃদ্ধি পোৱাত বাকী তিনিদিনত মুঠ ২ কোটি টকাৰ কিতাপ বিক্ৰীৰ আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।
গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত লাইফ অৱ এ ড্ৰাইভাৰ গ্ৰন্থ খনে বিপুল সহাঁৰি লাভ কৰাৰ লগতে আন এখন গ্ৰন্থ দেৱজিৎ ফুকনৰ সৈকতৰ পৰা শিখৰলৈ গ্ৰন্থ খনিয়ে পাঠকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
তদুপৰি ৰীতা চৌধুৰী, কাঞ্চন বৰুৱা, হোমেন বৰগোহাঞি, ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আদি বিভিন্ন নবীন-প্ৰবীণ লেখকৰ গ্ৰন্থ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে।
আনহাতে, গ্ৰন্থমেলা বাকৰিত বিশেষকৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।