যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পুতুল বৰুৱাৰ কাব্য গ্ৰন্থ “কবিতাৰ কুঁহকিনী” আৰু “দিগন্তত যাৰ হেৰাল সীমা” উন্মোচন

আজি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যোৰহাটৰ জেইলৰোড স্থিত “প্ৰীতম ভৱন’ত” এখনি গ্ৰন্থ উন্মোচন আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় | যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী মামনি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই | সভাখনিৰ আৰম্ভনিতে অনামিকা শৰ্মাই বৰগীত পৰিবেশন কৰে |

বিশিষ্ট সমাজসেৱিকা পুতুল বৰুৱাৰ দুখনি কাব্য গ্ৰন্থ “কবিতাৰ কুঁহকিনী” আৰু “দিগন্তত যাৰ হেৰাল সীমা”ৰ শুভ উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিল্পী সন্ধ্যা দেৱী আৰু বিশিষ্ট কবি ৰঞ্জিত গগৈয়ে | সন্ধ্যা দেৱীয়ে পুতুল বৰুৱাৰ কবিতাৰ সুন্দৰ বাখ্যা আগবঢ়াই কয় যে- কবি পুতুল বৰুৱাৰ কাব্য সংকলনৰ শব্দ চয়ন অতি সুন্দৰ | তেওঁৰ কবিতাক সুৰীয়া কবিতা আখ্যা দি কয় যে হেঙুল-হাইতাল আদি শব্দৰ প্ৰয়োগেৰে অসমীয়া ভাষাৰ উন্নত শব্দ আৰু উন্নত ভাব-ভাষাই তেওঁৰ কবিতাত স্থান পাইছে বুলি তেওঁ লগতে কয় |

কাব্যৰ জগতখনত তেওঁ বহু দেৰিকৈ ভূমুকি মাৰিলে বুলি তেখেতে আক্ষেপ প্ৰকাশ কৰে | বিশিষ্ট কবি ৰঞ্জিত গগৈয়েও পুতুল বৰুৱাৰ কবিতাৰ অতি সুন্দৰ বিশ্লেষণ আগবঢ়াই আৰু ভবিষ্যতেও তেওঁৰ কবিতাই কবিতাৰ জগতত বহুদূৰ আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে | কবি পুতুল বৰুৱাৰ প্ৰতিবেশী অইল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অৱসৰপ্ৰাপ্ত মুখ্য মহাপ্ৰবন্ধক জীতেন্দ্ৰ সোণোৱালে তেখেতৰ ব্যক্তিত্ব আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে সুন্দৰ ভাষণ আগবঢ়ায় | মঞ্জুশ্ৰী দত্ত বৰুৱায়ো তেখেতৰ বিষয়ে কয় আৰু তেখেতৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰে |

ইয়াত প্ৰতীক্ষা প্ৰিয়মে কবি নৱকান্ত বৰুৱাৰ এটি সুন্দৰ কবিতা আবৃত্তি কৰে | সভাখনি সুন্দৰকৈ পৰিচালনা কৰে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা গায়ত্রী গগৈয়ে | এই অনুষ্ঠানতে সমাজ সেৱিকা পুতুল বৰুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৫ গৰাকী “সদস্য ৰত্ন” আৰু কেন্দ্ৰীয় কমিটিলৈ নিবাৰ্চিত হোৱা ৪ গৰাকী সদস্যাক চেলেঙ চাদৰ আৰু স্মাৰকেৰে অভিনন্দন জনোৱা হয় |