৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অৰুণাচলৰ বুমলাত ভাৰতীয় সেনা-চীনা সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক

DSCN7075 (1)

৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনা বাহিনী আৰু চাইনিজ পিপুল লিবাৰেচন সেনা বাহিনীৰ মাজত বুধবাৰে অৰুণাচল প্ৰদেশৰ বুমলাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

উক্ত বৈঠকত তেজপুৰস্থিত সেনাবাহিনীৰ বিষয়া কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে উপস্থিত থাকি কয় যে দুয়োখন ৰাষ্ট্ৰই বিগত ২৮ বছৰ ধৰি এনেদৰে ব’ৰ্ডাৰ পাৰ্চনেল মিটিঙৰ জৰিয়তে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি আহিছে। তাৰোপৰি এই আলোচনাৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰই পাৰস্পৰিক আত্মবিশ্বাস বঢ়োৱাৰ লগতে বিভিন্ন স্থানীয় সমস্যাৰ সমাধান কৰি আহিছে।

ভাৰতবৰ্ষৰ হৈ উক্ত আলোচনাত প্ৰতিনিধিত্ব কৰে টাৱাঙ সৈন্য বাহিনীৰ ৱাই.এছ.এম., এছ.এম. কামাণ্ডাৰ এম.পি সিং আৰু চীনৰ হৈ অংশগ্ৰহণ কৰিছিল জ্যেষ্ঠ কৰ্ণেল য়ু গুৱ’ হুৱা (Wu Guo Hua) ই ।

উল্লেখ্য যে, টাৱাং চহৰৰ পৰা ৪২ কিলোমিটাৰ উত্তৰে ১৫,১৩৪ ফুট উচ্চতাত অৱস্থিত “বুমলা” দুয়োখন দেশৰ মাজত ব’ৰ্ডাৰ পাৰ্চনেল মিটিং (BPM) অনুস্থিত হোৱা পাঁচটা স্থানসমূহৰ মাজৰে এখন বুলি মন্তব্য কৰে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে।

স্বাধীনতা দিৱসৰ দিনাই এছিয়াৰ দুই বৃহৎ শক্তিশালী ৰাষ্ট্ৰই এনেদৰে সহযোগিতা বৃদ্ধিৰ বাবে উক্ত বৈঠক অনুষ্ঠিত কৰাত সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

অতি সৌহাৰ্দপূৰ্ণভাৱে দুয়োখন দেশৰ প্ৰতিনিধিয়ে বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰস্পৰে মত বিনিময় কৰাৰ লগতে ভৱিষ্যতে দুয়োখন দেশৰ সীমান্তত যাতে শান্তি-সম্প্ৰিতী বাহাল থাকে সেই সন্দৰ্ভতো বিস্তৃত ৰূপত আলোচনা কৰে।