সমুখত নিৰ্বাচন: ৭২ ঘণ্টাৰ বাবে বন্ধ হ’ব ভাৰত-নেপাল সীমান্ত

India-Nepal border will be sealed

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য নিৰ্বাচনৰ পূৰ্বে ৭২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ব ভাৰত-নেপাল সীমান্ত। সীমান্তৰে হ’ব পৰা সম্ভাৱ্য অসামাজিক কাৰ্যকলাপ প্ৰতিহত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে।

মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰে সদৰী কৰা তথ্য মতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতিনিধি সভাৰ নিৰ্বাচন সন্দৰ্ভত শনিবাৰে নেপালৰ ৰূপান্দেহী জিলাত দুয়োখন দেশৰ বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ” দুয়োখন দেশৰ চুবুৰীয়া জিলাৰ বিষয়াসকলৰ সমন্বয় সমিতিৰ বৈঠকত ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰৰ মাজনিশা ১২ বজালৈ ৭২ ঘণ্টাৰ বাবে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।”

বৈঠকত লগতে কোনো প্ৰকাৰৰ সম্ভাৱ্য বিশৃংখলতাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সীমান্তত অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সতেন্দ্ৰ কুমাৰে জানিবলৈ দিয়ে।

বৈঠকত স্থানীয় প্ৰশাসন, আৰক্ষী, সশস্ত্ৰ সীমা বল (SSB), সেনা, শুল্ক, প্ৰব্ৰজন বিভাগ আৰু দুয়োখন দেশৰ সংশ্লিষ্ট অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপান্দেহী, কপিলবাস্তু আৰু পশ্চিম নৱালপাৰাচীৰ মুখ্য জিলা বিষয়া, জিলা দণ্ডাধীশ আৰু ভাৰতৰ সিদ্ধাৰ্থনগৰ আৰু মহাৰাজগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকসকলে সমন্বয় বৈঠকত অংশগ্ৰহণ কৰে।