কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Boris Johnson Gets Chased By Police

হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত চলি আছে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট। দেওবাৰে টেষ্টখনৰ চতুৰ্থ দিনা ষ্টেডিয়ামৰ গেলাৰীত দেখিবলৈ পোৱা যায় এক আশ্চৰ্যকৰ দৃশ্য। আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ গেলাৰীৰ সন্মুখেৰে দৌৰ লগাইছে খোদ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আৰু তেওঁক ধৰিবলৈ পিছে পিছে দৌৰিছে আৰক্ষীৰ এটা দল।

স্বাভাৱিকতে এই সমগ্ৰ ঘটনাই সকলোকে হতচকিত কৰি তুলিছে। খোদ ইংৰাজ প্ৰধানমন্ত্ৰীয়েই এইদৰে আৰক্ষীৰ পৰা বাচিবলৈ পলায়ন কৰাটো একপ্ৰকাৰে আশ্চৰ্যজনক। পিছে ঘটনাটোত এক টুইষ্ট আছে।

সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা বৰিছ জনছন প্ৰকৃততে আচল গৰাকী নহয়। জনছনৰ দৰে বেশ-ভূষাত এইয়া এগৰাকী সাধাৰণ নাগৰিকহে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দৰে একে পোছাক পৰিধান কৰি এটা বগা উইগ লগাই এই লোকজনে জনছনৰ বিৰুদ্ধে এক প্ৰতীকি প্ৰতিবাদহে সাব্যস্ত কৰিছিল।

জনছনৰ দৰে সাজিকাচি গেলাৰীৰ সন্মুখভাগেৰে দৌৰ দিয়া এই নকল জনছনক ধৰিবলৈ পিছে পিছে খেদি যোৱা আৰক্ষীৰ দলটোও নকল। আৰক্ষীৰ পোছাক পিন্ধা এই লোককেইজন নকল জনছনৰে বন্ধু।

 

ব্ৰেটেইনৰ অনলাইন কাকত ইণ্ডি ১০০-এ প্ৰকাশ কৰা মতে শেহতীয়া পাৰ্টিগেট কেলেংকাৰী অপৰাধৰ সৈতে সাঙুৰ খাই পৰা প্ৰধানমন্ত্ৰী বৰিছ জনছনক উপহাস কৰাৰ অৰ্থে এই প্ৰতীকি প্ৰতিবাদ কৰা হৈছে। ক’ভিদ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ক’ভিদ আইন ভংগ কৰি জনছনে জন্মদিনৰ অনুষ্ঠান আয়োজন কৰিছিল।

জনছনৰ এই অনুষ্ঠানত ছয়গৰাকী অতিথিও উপস্থিত আছিল। ক’ভিদ আইন ভংগ কৰি এইদৰে জন্মদিন উদযাপন কৰাৰ বাবে মেট্ৰ’পলিটান পুলিচে জনছনৰ বিৰুদ্ধে তদন্তও কৰিছিল। আনকি ২০২০ চনৰ এই জন্মদিনৰ পাৰ্টিৰ বাবে জনছনক জৰিমনাও বিহা হৈছিল।

এই আইন ভংগকাৰী অপৰাধৰ পিছত ইংলেণ্ড প্ৰধানমন্ত্ৰী গৰাকী এই মাহৰ আৰম্ভণিতে অনাস্থা ভোটৰ সন্মুখীন হৈছিল। অৱশ্যে অনাস্থা ভোটত জয়লাভেৰে নিজৰ পদবী অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় জনছন।

জনছনৰ এই অপৰাধক উপহাস কৰিয়ে দেওবাৰে হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত এইদৰে বৰিছ জনছনক আৰক্ষীয়ে খেদি যোৱাৰ দৰে প্ৰতীকি ৰূপত দেখুওৱাই লোক কেইজনে। তেওঁলোকৰ এই নাটকীয় ভাৱ-ভংগী ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলে খুবেই উপভোগ কৰে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই হাস্যকৰ ভিডিঅ’টোত স্পষ্টৰূপত শুনিবলৈ পোৱা যায় ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ হৰ্ষোল্লাস। টুইটাৰত সম্প্ৰতি এই ভিডিঅ’টো লক্ষাধিক দৰ্শকে উপভোগ কৰাৰ লগতে টুইটাৰ ব্যৱহাৰকাৰীসকলে ৰসাল মন্তব্যৰে ভৰাই তুলিছে কমেণ্ট বক্স।