NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ ধনুভাঙাত অঘটন! ৰে’লৰ খুন্দাত নিহত একেলগে ধান কাটিবলৈ যোৱা পতি-পত্নী

November 25, 2022 10:55 am · নীলমনি শর্মা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ ধনুভাঙাত সংঘটিত হৈছে এক অঘটন ৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লৰ খুন্দাত নিহত হ’ল পতি-পত্নী ৷

ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ ৰে’লৰ খুণ্ডাত নিহত হৈছে ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫) ৷

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো ৷

লগতে পঢ়ক: মুক্ৰ’ৰ গুলীচালনাঃ অসম-মেঘালয় সীমান্তত উন্নত নিৰাপত্তাৰ দাবী আছু, কেএছইউ-ৰ

 উল্লেখ্য যে কালি নতুন পথেৰে নিউ বঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল ৷ নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নোপোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

Related News