ছবিঘৰতো সফলতা দেখুৱাইছে অস্কাৰমুখী ভিলেইজ ৰকষ্টাৰ্ছে; স্বেচ্ছাই পোষ্টাৰিং কৰি ফুৰিছে অভিযন্তা তপন লহকৰে

Tapan Lahkar

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ প্ৰচাৰৰ বাবে স্বেচ্ছাই পোষ্টাৰ লগাই ফুৰা অভিযন্তা তপন লহকৰ আৰু সহযোগীসকল।

এটাৰ পাছত আনটো সফলতাৰ ডেওনা অতিক্ৰম কৰা ৰীমা দাসৰ ভিলেইজ ৰকষ্টাৰ্ছ এইবাৰ ছবিঘৰতো দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছে। অসমৰ আটাইবোৰ ছবিঘৰতেই ‘ভিলেজ ৰকষ্টাৰ্ছ’ চাবলৈ যোৱা দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে। প্ৰতিটো ছবিঘৰত প্ৰতিটো দৰ্শনীতে ‘হাউছফুল’ হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে ছবিখন মুক্তি লাভ কৰাৰ পৰা যোৱা দুটা দিনত ২৩ লক্ষাধিক টকাৰ টিকট বিক্ৰী হৈছে। ইয়াৰে প্ৰথম দিনা অসমত প্ৰায় ৭ লাখ টকাৰ বিপৰীতে অসমৰ বাহিৰত ৪ লাখ টকাৰ টিকত বিক্ৰী হৈছিল।

আনহাতে, দ্বিতীয় দিনা, অৰ্থাৎ ২৯ ছেপ্তেম্বৰত ছবিখন বক্স অফিচৰ পৰা ১২.৮ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়।

ইপিনে, দৰ্শক অনুপাতে ছবিঘৰত দৰ্শনীৰ সংখ্যা কম হোৱাক লৈও বিভিন্নজনে আপত্তি দৰ্শাইছে। বহু ঠাইত দৰ্শকে টিকট নাপাই উভতি যাব লগীয়া হৈছে বুলি খবৰ আহিছে।

এই বিষয় লৈ শনিবাৰে যোৰহাটৰ জ্যোতি চিনে ক্লাবে হৰ্ডিং আঁৰি ‘ভিলেজ ৰকষ্টাৰ্ছ’ অসমৰ ছবিঘৰত এমাহ পৰ্যন্ত প্ৰদৰ্শন কৰা আৰু প্ৰতিখন অসমীয়া ছবিৰ বাবে প্ৰতিদিনে দুটাকৈ প্ৰাইম টাইম দৰ্শনীৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

আনহাতে, বিভিন্ন স্থানত একাংশ অনুৰাগীয়ে পৰ্যাপ্ত দৰ্শনী আৰু ছবিঘৰৰ অভাৱত ছবিখন চোৱাৰ পৰা বঞ্চিত হোৱাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰাও দেখা গৈছে। অৱশ্যে, গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ আন বহুকেইটা ছবিঘৰৰ কৰ্তৃপক্ষই আজিৰ পৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দৰ্শনীৰ সংখ্যা বৃদ্ধি কৰিছে।

স্বেচ্ছাই প’ষ্টাৰিং কৰিবলৈ ওলাই আহিল মালিগাৱঁৰ তপন লহকৰ

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বাবে সকলো অসমবাসীয়ে হিয়া উজাৰি সমৰ্থন আগ বঢ়োৱাৰ মাজতে মালিগাৱঁৰ এজন ব্যক্তিক দেখা গ’ল ছবিখনৰ বাবে স্বেচ্ছাই প’ষ্টাৰিং কৰিবলৈ ওলাই অহা।

মহানগৰীৰ মালিগাঁৱত তপন লহকৰ নামৰ এগৰাকী ৰেইলৱে’ অভিযন্তাই দুজনমান সহযোগীক লৈ স্বেচ্ছাই ছবিখনৰ প’ষ্টাৰিং কৰা দেখা গৈছে। লহকৰ আৰু সহযোগীসকলে পৰহিৰ পৰাই ছবিখনৰ বাবে বনোৱা প’ষ্টাৰ মহানগৰীৰ বিভিন্ন ঠাইত নিজে লগাইছে বুলি জানিব পৰা গৈছে।

ইপিনে, পাঠশালাৰ ‘শৰ্মা টকীজ’ নামৰ ছবিগৃহত প্ৰথম অৱস্থাত ছবিখন প্ৰদৰ্শন নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল স্থানীয় ৰাইজৰ মাজত। অৱশেষত ছবিঘৰটোত কৰ্তৃপক্ষই ‘ভিলেজ ৰকষ্টাৰ্ছ’ প্ৰদৰ্শন কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে ভাৰতৰ বহুকেইগৰাকী আগশাৰীৰ ছবি নিৰ্মাতাৰ ছবিক চেৰ পেলাই কম বাজেটেৰে নিৰ্মিত ‘ভিলেজ ৰকষ্টাৰ্ছ’-এ ভাৰতৰ পৰা অস্কাৰলৈ নিৰ্বাচিত হৈছে। অস্কাৰলৈ নিৰ্বাচিত হোৱাৰ পিছতে মুক্তি দিয়া ছবিখন বৰ্তমান ৰাজ্যৰ ৩৯টা ছবিঘৰৰ লগতে পশ্চিমবংগ, মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, তামিলনাডু আৰু ওড়িষাৰ মুঠ ৮টা ছবিঘৰত প্ৰদৰ্শিত হৈ আছে।