NORTHEAST NOW (Assamese)

অলিম্পিকলৈ গৈ খাদ্য সংকটত ভাৰতীয় খেলুৱৈ : দাইল-ৰুটী খাই কটাইছে বক্সাৰ অমিত পাংঘালে

July 27, 2024 8:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 27, 2024 6:16 pm

পেৰিছত আৰম্ভ হৈছে অলিম্পিকৰ মহোৎসৱ। অলিম্পিকত অংশগ্ৰহণৰ বাবে পেৰিছলৈ গমন কৰিছে শতাধিক ভাৰতীয় খেলুৱৈয়ে।

কিন্তু পেৰিছ অলিম্পিকৰ গেমছ ভিলেজত সমস্যাত পৰিছে ভাৰতীয় ক্রীড়াবিদসকল। পৰ্যাপ্ত্য পৰিমাণে খাদ্য খাবলৈ পোৱা নাই ক্ৰীড়াবিদ সকলে।

অভিযোগ অনুসৰি গেমছ ভিলেজত প্ৰয়োজনীয় খাদ্য লাভ কৰা নাই ভাৰতীয় খেলুৱৈসকলে। কেৱল দাইলপানী আৰু শুকান ৰুটি খায়েই দিন কটাইছে ভাৰতৰ বক্সাৰ অমিত পাংঘালে।

জানিব পৰা মতে পেৰিছ অলিম্পিকৰ গেমছ ভিলেজৰ ৩০ টা এপার্টমেন্টত আছে ভাৰতীয় খেলুৱৈসকল। আন সকলো সুবিধা লাভ কৰিলেও খাদ্যক লৈ সমস্যাত পৰিছে তাত থকা ভাৰতীয় খেলুৱৈ সকল।

খবৰ অনুসৰি সেই স্থানত বিভিন্ন ধৰণৰ খাদ্য আছে যদিও সেই খাদ্যই ভাৰতীয় খেলুৱৈ সকলৰ খোৰাকী পূৰণ কৰিব পৰা নাই। যোগান ধৰা হৈছে প্ৰয়োজনতকৈ কম খাদ্য। এই কথা সদৰী কৰিছে বেডমিন্টন খেলুৱৈ তানিশা ক্রাষ্ট’বে।

উল্লেখ্য যে ভাৰতীয় খেলুৱৈসকল থকা ঠাইৰ পৰা হোটেল বা ৰেষ্টুৰেন্টবোৰো বহু দূৰৈত অৱস্থিত। যাৰ বাবে ওলাই গৈ খাদ্য গ্ৰহণ কৰাতো সমস্যাত পৰিছে ভাৰতৰ খেলুৱৈসকল।

Related News