NORTHEAST NOW (Assamese)

ছিলেছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপলৈ অসমৰ লাভলিনা বৰগোহাঁই

August 22, 2018 10:26 am · এন ই নাও নিউজ
লাভলিনা বৰগোহাঁই : ফাইল ফটো।

ছিলেছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয দলক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাচনি হৈছে অসমৰ গোলাঘাটৰ জীয়ৰী তথা প্ৰতিভাৱান বক্সাৰ লাভলিনা বৰগোহাঁই।

জানিব পৰা মতে অহা ৯-১৫ ছেপ্তেম্বৰত পোলেণ্ডৰ গ্লিৱিছত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাখনত অসমৰ হৈ একমাত্ৰ লাভলিনাই এই সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ মহিলা বক্সিং দলটো অহা ৮ ছেপ্তেম্বৰত পোলেণ্ডলৈ ৰাওনা হ’ব বুলি বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ তৰফৰ পৰা জানিবলৈ পোৱা যায়।

ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবৰ সুযোগ লাভ কৰা উদীয়মান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইক অসম এমেচাৰ বক্সিং সন্থাই অভিনন্দন জনাইছে।

উল্লেখযোগ্য যে অসমৰ প্ৰতিভাৱান বক্সাৰ লাভলিনাই আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বাবেই এনেদৰে পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে। তাৰোপৰি মংগোলিয়াত জুন মাহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় উলানবাটাৰ কাপ প্ৰতিযোগিতাত বক্সাৰ লাভলিনাই অৰ্জন কৰিছিল ৰূপৰ পদক।

Related News