বৰ্তমান সময়ত বয়কট বলীউড চছিয়েল মিডিয়াত ট্ৰেণ্ডিঙত থকাটো এটা সাধাৰণ ঘটনাত পৰিণত হৈছে আৰু ইয়াৰ প্ৰভাৱ বলীউড ইণ্ডাষ্ট্ৰীৰ ওপৰত পৰা বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। এখনৰ পিছত আন এখন বলীউড চিনেমা খুব বেয়াকৈ চিনেমা হলত লুটি বাগৰ খাইছে, সেয়া লাগিলে আমিৰ খানৰ লাল সিঙ চড্ডাই হওক বা ৰণবীৰ কাপুৰ, সঞ্জয় দত্ত অভিনীত চমশ্বেৰাই হওক নাইবা আন কোনো ছবি। মুঠৰ ওপৰত এতিয়া বলীউডৰ চিনেমা বুলি ক’লেই দৰ্শকৰ মাজত উৎসাহৰ পৰিৱৰ্তে ঘৃণা ভাৱৰহে সৃষ্টি হয়, যি চ’ছিয়েল মিডিয়াত চলা বয়কট বলীউড ট্ৰেণ্ডিঙৰ পৰা সহজেই বুজিব পাৰি। কিন্তু আজি ইমান বছৰে দৰ্শকৰ মৰম বুটলি অহা চিনেমা উদ্যোগটো হঠাতে ইমান বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল কিয়?
ইয়াৰ উত্তৰত বহুতে ক’ব খোজে যে ক’ৰোণা কালৰ সময়ছোৱাত বা তাৰ পাছত মানুহৰ আমদানি হ্ৰাস পাইছে, যাৰ ফলত তেওঁলোকে চিনেমা হলত টিকট কাটি চিনেমা চাব পৰা নাই। আন একাংশই আকৌ দক্ষিণ ভাৰতীয় চিনেমাৰ ডাবিং কৰি চিনেমা নিৰ্মাণ কৰা বাবে বা চিনেমা সমূহত কোনো ধৰণৰ নতুনত্ব নথকা বাবেই বলীউডৰ এনে হোৱা বুলি ক’ব খোজে। ইয়াৰ বিপৰীতে আকৌ কিছুমানে চৰকাৰী পক্ষৰ সমৰ্থক নাইবা বিশেষ কোনো এটা ধৰ্মীয় মানুহৰ বাবেই এই ট্ৰেণ্ড হোৱা বুলি ক’ব খোজে। কিন্তু বহুলভাৱে প্ৰচাৰিত হোৱা এই যুক্তিসমূহৰ কোনোটোৱেই গ্ৰহণযোগ্য বুলি ক’ব পৰা নাযায়। যদি প্ৰথম যুক্তিটোৰ সত্যতা থাকিলহেতেন, তেন্তে নিশ্চয়কৈ “পুষ্পা”, “আৰ আৰ আৰ”, “কে জি এফ-২” আদি চিনেমাই হাজাৰ কোটিৰ ব্যৱসায় কৰিব নোৱাৰিলেহেঁতেন।
আকৌ যদি দ্বিতীয়টো যুক্তি চাব যাওঁ তেন্তে আমি ২০২০ চনৰ আগলৈ ঘূৰি গ’লেই তাৰ উত্তৰ পাম। ২০০৯ চনত ছলমান খান অভিনীত “ৱান্টেড” নামৰ চিনেমাখন দক্ষিণ ভাৰতীয় চিনেমাৰ নকল আছিল আৰু সেই কথা দৰ্শকে জনাৰ পিছতো চিনেমা হললৈ দলে-বলে গৈছিল আৰু এই চিনেমাখনে ছলমান খানৰ ডুবন্ত কেৰিয়াৰক নতুন শক্তি প্ৰদান কৰিছিল। ঠিক তেনেদৰে ছলমান খানৰ অন্য ছবি যেনে “বডিগাৰ্ড”, আমিৰ খানৰ “গজিনী”, অক্ষয় কুমাৰৰ “ৰাউডী ৰাঠো়ড়” “হলি ডে”, অজয় দেৱগনৰ “দৃশ্যম”, সঞ্জয় দত্তৰ “মুন্না ভাই এম বি বি এছ”, ছাহিদ কাপুৰৰ “কবিৰ সিঙ” ইত্যাদিও দক্ষিণ ভাৰতীয় চিনেমাৰে নকল আছিল যিয়ে চিনেমা হলত সুন্দৰ প্ৰদৰ্শন কৰিছিল।
গতিকে এই উদাহৰণবোৰৰ পৰা খুব সুন্দৰকৈ বুজিব পাৰি যে দক্ষিণ ভাৰতীয় চিনেমাৰ নকল কৰা আৰু বলীউডৰ এই দুৰ্গতিৰ মাজত যে কোনো তেনে সম্পৰ্ক নাই। আনহাতে চৰকাৰী পক্ষৰ সমৰ্থক বা হিন্দুত্ববাদত বিশ্বাসীসকলৰ বিৰোধৰ বাবেও এনে হোৱা বুলি কোৱাটো সমিচীন নহ’ব, কিয়নো পূৰ্বেও দেখা গৈছে যে কোনো ধৰ্মীয় অনুভূতিত বা পৰম্পৰাত আঘাত হানিলে সেই নিৰ্দিষ্ট চিনেমাখনৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰা হৈছিল, কিন্তু গোটেই চিনেমা উদ্যোগটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হোৱা নাছিল।এই ক্ষেত্ৰত আমি বহু বিতৰ্কিত ছবি “পদ্মাৱত”ৰ কথা ক’ব পাৰো।
প্ৰকৃতাৰ্থত ক’বলৈ গ’লে বলীউডৰ এই দুৰ্গতি আৰম্ভ হৈছিল ২০২০ চনৰ পৰা। ২০২০ চনৰ ১৪ জুন তাৰিখে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ধোনীৰ চৰিত্ৰত অভিনয় কৰি ভাৰতবাসীৰ মন জয় কৰা সুদক্ষ অভিনেতা সুশান্ত সিঙ ৰাজপুটৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ভাৰততে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰথমাৱস্থাত সেই মৃত্যুক আত্মহত্যাৰ ঘটনা বুলি কৈ গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও ঘটনাৰ ৮-১০ দিন পিছত সেয়া যে আত্মহত্যাৰ ঘটনা নাছিল সেই কথা পোহৰলৈ আহিছিল। সেই সময়ত দেশৰ জনতাই এই মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু এই গোটেই প্ৰতিবাদ প্ৰক্ৰিয়াটোত ন্যায় বিচাৰি এজনো প্ৰতিষ্ঠিত বলীউড তাৰকাই মাত মতা নাছিল।
তেওঁলোকৰ এই কাৰ্যই জনসাধাৰণৰ মাজত থকা তেওঁলোকৰ নায়কৰূপী ছবিখন ভাগি পেলাইছিল আৰু লাহে লাহে গোটেই বলীউড লবীৰ বহুতো গুপুত কথা পোহৰলৈ আহিছিল। এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত বলীউড ইণ্ডাষ্ট্ৰীৰ আঁৰত চলা ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ কথা আৰু বিভিন্ন সময়ত প্ৰকাশিত হৈ থকা আণ্ডাৰৱৰ্ল্ড আৰু বলীউডৰ মাজত থকা সম্পৰ্কৰ বাতৰিবোৰ যে মিছা নাছিল সেয়াও মানুহে জানিব পাৰিছিল। বলীউড ইণ্ডাষ্ট্ৰীত প্ৰতিভাবান হোৱাৰ সত্বেও কিদৰে কেৱল নেপটিজমৰ স্বাৰ্থত মানুহক বঞ্চিত কৰা হয়,কিদৰে কেৱল বংশবাদৰ স্বাৰ্থত দেশৰ প্ৰতিভাশালী ভৱিষ্যতক সুযোগৰ পৰা বিমুখ কৰা হয়, সেই সকলোবোৰ কথা এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছিল।
তাৰ পৰিণতেস্বৰূপে এটা সময়ত অভিনেতাৰ সন্তান হোৱাৰ বাবেই সহজতে দৰ্শকৰ মৰম পাবলৈ সক্ষম হোৱা অভিনেতা-অভিনেত্ৰীবোৰে এতিয়া দৰ্শকৰ পৰা পূৰ্বৰ দৰে আদৰ নোপোৱা হ’ল। ইয়াৰ উদাহৰণস্বৰূপে আমি “সড়ক-২”ৰ কথা ক’ব পাৰো। সুশান্ত সিঙ ৰাজপুটৰ ৰহস্যজনক মৃত্যুৰ পাছতেই OTT মাধ্যমত মুক্তি লাভ কৰা এই চিনেমাখনৰ ট্ৰেইলাৰটোৱে ইউটিউবত ডিচলাইক পোৱাৰ ক্ষেত্ৰত অভিলেখৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত মুক্তি লাভ কৰা অন্য চিনেমাবোৰৰ ক্ষেত্ৰতো একেই দশা হোৱা পৰিলক্ষিত হৈছিল। দৰ্শকে বলীউড বুলি ক’লেই মুখ কোচোৱাৰ লগতে বিৰূপ মন্তব্য কৰাটোও তেনেই সাধাৰণ কথাত পৰিণত হৈছিল।
ঠিক এইবোৰ চলি থকাৰ মাজতেই বলীউড ইণ্ডাষ্ট্ৰীৰ অভিনেতা ক্ৰমে শ্বাহৰূখ খান, অজয় দেৱগন, অক্ষয় কুমাৰ, ছলমান খান, বিগ বি অমিতাভ বচ্চনে গুটখা, পাণ মচালাৰ বিজ্ঞাপন কৰিছিল যিয়ে জনসাধাৰণক এক স্পষ্ট বাৰ্তা দিছিল যে চিনেমাৰ এই নায়কসকল আচলতে বাস্তৱ জীৱনত সমাজৰ প্ৰতি, যুৱ প্ৰজন্মৰ প্ৰতি মুঠেই দায়বদ্ধ নহয়। তেওঁলোকে টকাৰ কাৰণে যি কোনো পৰ্যায়লৈ নামিব পাৰে। এই সমূহ বিতৰ্ক মাৰ নাযাওঁতেই আকৌ ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটৰ ঘটনাই ইংগিত দিছিল যে এই বলীউড ইণ্ডাষ্ট্ৰী আৰু সামাজিক দায়বদ্ধতাৰ মাজত যে কোনো সম্পৰ্ক নাই। চিনেমাৰ পৰা আৰম্ভ কৰিব বিজ্ঞাপনৰ মজিয়ালৈ কেৱল নগ্নতা, যৌনতা আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো দেখুওৱা সামাজিক বিশৃংখলতাই বলীউডৰ প্ৰতি মানুহক অতিষ্ঠ কৰি তুলিছে।
আনহাতে, দক্ষিণ ভাৰতীয় চিনেমা সমূহে তেওঁলোকৰ কাহিনীত থকা নিভাঁজ সৰলতা আৰু কাহিনীবোৰৰ পৃথকতাৰ বাবে মানুহৰ মনত সহজে স্থান ল’ব পাৰি্ছে। তেওঁলোকৰ বোলছবিসমূহত ব্যৱহৃত হোৱা সংগীতসমূহো খুবেই সুন্দৰ। কাহিনীসমূহত ফুটি উঠা মাটিৰ গোন্ধ,সভ্যতা-সংস্কৃতি, সামাজিক সমস্যাসমূহক খুব সুন্দৰভাৱে তুলি ধৰিব পৰাৰ ক্ষমতা থকাৰ বাবে আঞ্চলিক ছবি হোৱাৰ সত্বেও তেওঁলোকে সমগ্ৰ দেশতে জনপ্ৰিয়তা লাভ কৰিছে। তেওঁলোকৰ চিনেমাৰ বিষয়বস্তুসমূহো খুবেই প্ৰাসংগিক।
বলীউডৰ দৰে কেৱল নেপটিজমকেই অগ্ৰাধিকাৰ নিদিয়া বাবে হয়তো দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগটোৱে আজিৰ এই অৱস্হাত উপনীত হ’ব পাৰিছে। তাৰোপৰি চিনেমাৰ বাহিৰেও তেওঁলোকে ব্যক্তিগত জীৱনত যি সৰলতাৰে জীৱন-যাপন কৰে নাইবা যি আন্তৰিকতাৰে নিজৰ সভ্যতা-সংস্কৃতিক সন্মান কৰে সেইবোৰেও দৰ্শকক মনোমুগ্ধ কৰে যিটো বলীউডৰ তাৰকা সকলৰ ক্ষেত্ৰত সাধাৰণতে দেখিবলৈ পোৱা নাযায়।
সেয়ে বৰ্তমান সময়ত গণ আক্ৰোশৰ সন্মুখীন হোৱা বলীউড উদ্যোগটোৱে ইয়াৰ পৰা বাচিবলৈ দক্ষিণ ভাৰতীয় চিনেমাৰ বা তাৰকাৰ আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে “আৰ আৰ আৰ”ত অজয় দেৱগণ আৰু আলিয়া ভাট” “লাল সিঙ চড্ডা”ত অক্কিনেনী নাগা চৈতন্য, সদ্য মুক্তিপ্ৰাপ্ত বলীউড ছবি “ব্ৰহ্মাস্ত্ৰ”ত নাগাৰ্জুন, জুনিয়ৰ এন টি আৰ, আকৌ “দ্য গডফাডাৰ”ট মেগাষ্টাৰ চিৰঞ্জীৱীৰ লগত ছলমান খানৰ অভিনয়ে এইটোকে সূচায় যে বৰ্তমান বলীউড যে নিজৰ অস্তিত্ব ৰক্ষাৰ যুজঁত ব্ৰতী হৈ আছে আৰু নিজক বচোৱাৰ একমাত্ৰ উপায় হিচাপে দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগটোৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে।
কিয়নো কেৱল বলীউড তাৰকাৰ বাবে চিনেমা চাম বুলি অহা মানুহ যে এতিয়া তেনেই কম সেই কথা তেওঁলোকে ভালকৈয়ে বুজি উঠিছে। সেয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এতিয়া বলীউডৰ ৰথী-মহাৰথী দক্ষিণ ভাৰতৰ সেই আঞ্চলিক চিনেমা উদ্যোগৰ ফালে গতি কৰিবলগীয়া হৈছে,যিটো সচাকৈয়ে খুব লজ্জাজনক। কিন্তু সেয়া হ’লেও এই পদ্ধতিয়ে যে বলীউডৰ অহংকাৰী ৰথী-মহাৰথীসকলক বচাব পাৰিব সেয়া মনে নধৰে। উদাহৰণস্বৰূপে সদ্য মুক্তিপ্ৰাপ্ত কৰণ জোহৰৰ নিৰ্মিত ছবি “লাইগাৰ”ত দক্ষিণ ভাৰতৰ অভিনেতা বিজয় দেৱৰকোণ্ডাক মুখ্য চৰিত্ৰত অভিনয় কৰিব দিয়া হৈছিল যদিও চিনেমাখন খুব বেয়াকৈ বিফল হোৱা দেখিবলৈ পোৱা গৈছে।
মুঠৰ ওপৰত বলীউডত চলা লবীৰাজ, নেপ’টিজম আৰু আণ্ডাৰৱৰ্ল্ডৰ লগত থকা সম্পৰ্কৰ বাবেই বলিউডে আজি নিজৰ প্ৰাসংগিকতা হেৰুৱাইছে আৰু অভিনেতা-অভিনেত্ৰীকে ধৰি চলচিত্ৰ নিৰ্মাতাইও ঘৃণাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে দক্ষিণ ভাৰতীয় চিনেমাৰ বিষয়বস্তু তথা উপস্হাপন শৈলীৰ বাবে তেওঁলোকে আঞ্চলিক পৰিধি ভাগি দৰ্শকৰ মনত সাঁচ বহুৱাব সক্ষম হৈছে। অভিনেতা-অভিনেত্ৰীৰ সৰলতা, চলচিত্ৰ নিৰ্মাতাৰ বিষয়বস্তুৰ ক্ষেত্ৰত থকা থকা নতুনত্বই দৰ্শকক আকৃষ্ট কৰিব পাৰিছে।
দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয়তাই যে বলীউডক ক্ষতিগ্ৰস্ত কৰিব তাত কোনো সন্দেহ নাই। দৰ্শক হিচাপে মানুহে নিশ্চয়কৈ এখন ধুনীয়া বাৰ্তা থকা চিনেমাকেই প্ৰাধান্য দিয়ে যি প্ৰাসংগিক কাহিনীৰ ভিত্তিত নিৰ্মিত। সেই ক্ষেত্ৰত অনাগত দিনত দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয়তা যে আৰু বৃদ্ধি পাব সেই কথাত হয়তো কাৰো দ্বিমত নাথাকিব।