দৰঙত তিনিদিন ধৰি চলা শিক্ষকৰ শ্ৰেণীবৰ্জনে বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক

4-7-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত যোৱা ২ আগষ্টৰ পৰা গ্ৰহণ কৰা শ্ৰেণীবৰ্জন কাৰ্যসূচীয়ে আজি তিনিদিনত ভৰি দিলে।

সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ আহ্বান মৰ্মে গ্ৰহণ কৰা এই কাৰ্যসূচীক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে দৰং জিলাৰ ঠিকাভিত্তিক শিক্ষক সকলেও।

দৰং জিলাৰ সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ সভাপতি জয়ন্ত কলিতা আৰু সাধাৰণ সম্পাদক মখতাৰুল হকে বিগত পাঁচ মাহৰ দৰমহা মুকলি কৰি দিবলৈ নৰ্থ-ইষ্ট নাওৰ জৰিয়তে দাবী জনায়।

ইয়াৰ উপৰি ২০১৬ৰ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি দৰং জিলাৰ ১৩৫গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মিয়াকৰণৰো দাবী জনায় জিলা কমিটিয়ে।

উল্লেখ্য যে এইসকল শিক্ষকক যোগ্যতা অনুযায়ী অংক, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শিক্ষক হিচাপে বিভিন্ন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল।

ইফালে ঠিকাভিত্তিক শিক্ষকসকলে গ্ৰহণ কৰা চাৰিদিনীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানত বেয়াকৈ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে শ্ৰেণী বৰ্জন কাৰ্যসূচী মঙলবাৰে অন্ত পৰিব।