অমিত শ্বাহ আৰু হিমন্ত বিশ্বৰ সৈতে হাগ্ৰামাৰ নেতত্বত বিটিচিৰ নেতাসকলে কি কথা পাতিলে?

বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা !

Amit Sah And Hagrama

হাগ্ৰামা মহিলাৰীৰ সৈতে অমিত শ্বাহ। গুৱাহাটীত সোমবাৰে

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা বিজেপিৰ সভাপাতি তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী  অমিত শ্বাহ আৰু অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  সৈতে দেওবাৰে নিশা এখন বৈঠকত মিলিত হৈছিল বিটিচি নেতত্ব।

বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্মই  অসম প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়।

বিজেপিৰ মিত্ৰজোঁটৰ নেতাসকলে হিমন্ত বিশ্বৰ উপস্থিতিত  বিজেপি দলৰ কেন্দ্ৰীয় নেতাগৰাকীক লগ ধৰা আৰু বহু সময় ধৰি আলোচনাত মিলিত হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

আলোচনা কালত  কেন্দ্ৰীয় নেতা গৰাকীৰ সৈতে বিপিএফৰ নেতা কেইগৰাকীয়ে কি বিষয়ৰ ওপৰত আলোচনা কৰিছে সেয়া স্পষ্ট হোৱা নাই যদিও আলোচনাত  আগন্তুক বিটিচি নিৰ্বাচনত বিটিএডিত মিত্ৰদল বিপিএফৰ সৈতে বিজেপি দলৰ  আসন বুজাবুজি সম্পৰ্কত আলোচনা কৰা বুলি ধাৰণা কৰা হৈছে।

ইপিনে, ৰাজ্যিক বিজেপিয়ে আগন্তুক ২০২০ চনৰ বিটিচি নিৰ্বাচনত বিটিএডিৰ  মুঠ ৪০ খন আসনতেই প্ৰাৰ্থিত্ব আগবঢ়াব বুলি প্ৰচাৰ চলাই আহিছিল।

সেয়াই নহয়,দলটোৱে বিটিএডিৰ চাৰিওখন জিলাতেই সদস্য ভৰ্তি অভিযান চলাই আহিছে।

এনে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় নেতা গৰাকীৰ সৈতে বিপিএফ দলৰ সভাপতি  তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বিটিচিৰ নেতত্বই আলোচনাত মিলিত হোৱাটোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

আনহাতে, বৈঠকৰ অন্তত সাংবাদিকে বিশ্বজিত দৈমাৰীক প্ৰশ্ন কৰাত সাংসদগৰাকীয়ে বিটিএডিৰ উন্নয়নৰ বিভিন্ন প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিএডি নিৰ্বাচনত দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্পৰ্কত যেনেদৰে মন্তব্য কৰিছিল বিপিএফ নেতৃত্বৰ শ্বাহৰ সৈতে হৈ যোৱা বৈঠকৰ অন্তত দাসৰ সেই সুৰ একেদৰে থাকিবনে সলনি হ’ব সেয়া লক্ষ্যণীয় হ’ব।