প্ৰমোদ বড়োৰ বিস্ফোৰণ : জবকাৰ্ডৰ নামত ৬৫০ কোটি টকা আত্মসাৎ কৰিছে বিপিএফৰ নেতাই

ফটো : নৰ্থ-ইষ্ট নাও

বিগত সময়ছোৱাত বিটিচিত (বৰ্তমানৰ বিটিআৰ) অঞ্চলত বিভিন্ন বিভাগৰ লগতে জবকাৰ্ডৰ ক্ষেত্ৰতো বিয়াগোম  কেলেংকাৰী সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য়ু পি পি এলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে।

এই সন্দৰ্ভত তেওঁ কয়, ‘জবকাৰ্ড আঁচনিৰ নামত যোৱা দুটা বছৰত ৬৫০ কোটি টকা বিপিএফ দলৰ নেতা বিলাকে আত্মসাৎ কৰিছে। ইয়াৰ আমি এক উচিত তদন্ত বিচাৰিছোঁ। আমি দুটা তদন্ত বিচাৰিছোঁ বিটিআৰ অঞ্চলত। দুৰ্নীতিৰ সমান্তৰালভাৱে উন্নয়নৰ আঁচনিৰ ফৰেনচিক হিচাপ হ’ব লাগে’।

উল্লেখ্য যে য়ুপিপিএল দলৰ সভাপতি তথা তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ য়ুপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়ো।

আজি তামুলপুৰৰ চাৰাংবাৰীত ১ নম্বৰ তামুলপুৰ প্ৰাইমাৰী য়ুপিপিএল সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বড়োৱে এই মন্তব্য কৰে।

তেওঁ পুনৰ কয় ‘প্ৰধান মন্ত্ৰী আবাস যোজনা আঁচনিতো বহু কেলেংকাৰী সংঘটিত  হৈছে। বহু হিতাধিকাৰীৰ গৃহ নিৰ্মাণ নকৰাকৈয়ে গৃহৰ নামত আবণ্টিত ধন আত্মসাৎ হৈছে। একাংশ হিতাধিকাৰীৰ গৃহ  বছৰৰ পিছত বছৰ ধৰি অৰ্ধ নিৰ্মিত অৱস্থাতেই পৰি আছে। ইয়াৰো এক তদন্ত হ’ব লাগে’।

সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে পুনৰ কয় যে দুৰ্নীতি কৰি কোনেও সাৰি যাব নোৱাৰে। যিসকল লোকে দুৰ্নীতিত লিপ্ত হৈছে তেওঁলোকে শাস্তি পাব লাগিব আৰু জেইললৈ যাবই লাগিব।

সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমৰ যিমান শৈক্ষিক সমস্যা আছে ইয়াৰ ১০০ শতাংশ সমস্যা সমাধানৰ বাবে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব লাগে।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ দল সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বড়োৱে কয় বিটিআৰ অঞ্চলত অসম জাতীয় পৰিষদৰ ভূমিকাক লৈ কোনো বিশ্লেষণ কৰা নাই।

‘আমি মাথোঁ বিচাৰো সকলো জাতি-জনগোষ্ঠীৰ লোক সদায় মিলাপ্ৰীতিৰে থাকিব লাগে। যোৱা ৩০-৪০ বছৰে সংগ্ৰাম চলাৰ সময়ত  আমাৰ অঞ্চলত বহু সংঘাত হ’ল। বহু হিংসা আৰু  প্ৰতিহিংসা হ’ল। ফলত এই অঞ্চলৰ অৰ্থনৈতিক-সামাজিক পৰিবেশ বিনষ্ট হৈছে। অৰ্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ কাৰণে সামাজিক পৰিবেশ ভাল হৈ থকাটো দৰকাৰ । সেইকাৰণে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোক মিলা-প্ৰীতিৰে বসবাস কৰি থকাটো নিতান্তই প্ৰয়োজন’, এইদৰে কয় বড়োৱে।

উল্লেখযোগ্য যে য়ুপিপিএলৰ ১ নম্বৰ তামুলপুৰ প্ৰাথমিক সমিতিৰ উদ্যোগত আজি চাৰাংবাৰীত এখন সভা অনুষ্ঠিত হয়।

অজিত কলিতাই আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত য়ুপিপিএলৰ উপ-সভাপতি হিৰণ্য চৌধুৰীৰ লগতে কেইবাগৰাকীও য়ুপিপিএল নেতাই ভাষণ প্ৰদান কৰে।

এই সভাত য়ুপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে ভাষণ ৰাখি বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰি এখন দুৰ্নীতিমুক্ত  বিটিআৰ গঠনৰ লগতে বিটিআৰ অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থৰ বাবে ইউপিপিএল দলক ভোট দিয়াৰ বাবে আহ্বান জনায়।

আজিৰ এই সভাতে কটন মহাবিদ্যালয় ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৃদয় দাসৰ লগতে কেইবা গৰাকীও লোকে য়ুপিপিএল দলৰ মুৰব্বী  প্ৰমোদ বড়োৰ উপস্থিতিত দলত যোগদান কৰে।