নৱ শৰণীয়াই সৃষ্টি কৰিছে অস্তিত্বৰ শংকা; বি পি এফত চামিল হ’বৰ বাবে ৰাজ্যসভাৰ সাংসদ পদ অ’ফাৰ য়ু পি পি এলৰ মুৰব্বীলৈ

Bishwajit Daimary

সংবাদমেলত সাংসদ বিশ্বজিৎ দৈমাৰী। ১৫ ছেপ্টেম্বৰত।

আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফৰ প্ৰত্যাহ্বান হৈ উঠিছে কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় সাংসদ নৱ শৰণীয়াৰ ৰাজনীতি আৰু সেইটো নিজ মুখে স্বীকাৰ কৰিছে দলটোৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

যোৱা লোকসভা নিৰ্বাচনত নিৰ্দলীয় সাংসদজনৰ হাতত বেয়াকৈ পৰাভূত হোৱা বিপিএফ দলটোক আগন্তুক পৰিষদীয় নিৰ্বাচনত শক্তিশালী কৰাৰ বাবে য়ু পি পি এলৰ সৈতে হাত মিলোৱাৰ কথা কয় সাংসদগৰাকীয়ে।

ৰাজ্যসভাৰ সাংসদ দৈমাৰীয়ে আজি মহানগৰীৰ জু-ৰ’ডস্থিত হোটেল গুৱাহাটী এড্ৰেছত এখন সংবাদমেল সম্বোধন কৰিছিল।

“নৱ কুমাৰ শৰণীয়া বিপিএফৰ প্ৰত্যাহ্বান বুলি ক’ব পাৰে। নৱ কুমাৰ শৰণীয়া যিহেতু নিৰ্দলীয়, তেওঁ ৰাজনৈতিকভাৱে বি টি চি নিৰ্বাচনত প্ৰভাৱ পেলাব। যোৱা বছৰো বি টি চি নিৰ্বাচনত প্ৰভাৱ পেলাইছিল। এইবাৰ যাতে তেনে হ’ব নোৱাৰে তাৰ বাবে য়ু পি পি এল বা অন্য ৰাজনৈতিক দল, সংগঠনৰ সৈতে আমাৰ দলে মিত্ৰতা বিচাৰি আছে”, সাংবাদিকৰ প্ৰশ্নত দৈমাৰীৰ উত্তৰ।

তেওঁ বি পি এফে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱা বুলি স্বীকাৰ কৰে।

“বিগত লোকসভা নিৰ্বাচনত য়ু পি পি এল আৰু বি পি এফৰ ভোট যদি যোগ কৰা হয়, তেন্তে আমাৰ ভোট প্ৰায় ৭০ শতাংশ হয়”, দৈমাৰীয়ে সংবাদমেলত কয়।

“সেয়েহে য়ু পি পি এল আৰু বি পি এফ এক হ’লে ২০২০-ৰ এপ্ৰিলত হ’ব লগীয়া বি টি চি নিৰ্বাচনত নিশ্চিতভাৱে দুই তৃতীয়াংশ মেজৰিটী লাভ কৰি জয়ী হ’ম”, দৈমাৰীয়ে কয়।

তেওঁৰ মতে বড়ো ৰাজনৈতিক দল-সংগঠন একত্ৰিত হ’লেহে বিটিচি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাটো সম্ভৱ।

য়ু পি পি এলৰ লগত বুজাবুজিৰে আগ বাঢ়ি যাবৰ কাৰণে দৰকাৰ হ’লে আৰু চৰ্ত সাপেক্ষে দৈমাৰীয়ে নিজে দখল কৰি থকা ৰাজ্যসভাৰ আসনখনো দলটোক এৰি দিবলৈ প্ৰস্তুত বুলি কয় সাংসদজনে।

যদিহে য়ু পি পি এল দলটো বি পি এফৰ সৈতে চামিল হৈ যায়, তেন্তে ৰাজ্যসভাৰ আমাৰ আসনখন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

তেতিয়া ভৱিষ্যতে য়ু পি পি এল দল নাথাকিব, কেৱল বি পি এফহে থাকিব। বি পি এফৰ পৰাই তেওঁ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হ’ব পাৰিব, য়ু পি পি এলৰ মুৰব্বী য়ু জি ব্ৰহ্মৰ প্ৰসংগত দৈমাৰীয়ে কয়।

মিডিয়াত দুয়োটা দলে সুকীয়া ভাষ্য দি আছে যদিও ভিতৰি ভিতৰি দুয়োটা দলৰে কথা চলি আছে বুলি দৈমাৰীৰ দাবী।

আনকি য়ু জি ব্ৰহ্মই বি পি এফক তেওঁৰ দল য়ু পি পি এলত চামিল হৈ যাবলৈ দিয়া পৰামৰ্শটোও দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে।

সংবাদমেলত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মই কিছুদিন পূৰ্বে এন ডি এফ বিৰ নেতা ধীৰেন বড়োৰ সৈতে আলোচনাত মিলিত হোৱাটোক যুক্তিসংগত বুলি ক’বলৈ গৈ অসমখনকে উগ্ৰপন্থীৰ ৰাজ্য বুলি মন্তব্য কৰে।

“অসমখন উগ্ৰপন্থীৰে ৰাজ্য। আলফা, এন ডি এফ বি, কে এল অ’, মালটা, কোব্ৰাকে ধৰি বহুতো উগ্ৰপন্থী সংগঠন অসমত আছে। উগ্ৰপন্থী দলসমূহ লাহে লাহে বিভক্ত হৈ গৈ আছে। ধীৰেন বড়োৰ গ্ৰুপৰ লগত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মৰ আলোচনা হোৱাটো সঁচা। ধীৰেন বড়ো এন ডি এফ বিৰ যুদ্ধ-বিৰত সদস্য। যুদ্ধ-বিৰত গ্ৰুপৰ সদস্যৰ বিৰুদ্ধে যিমানে ডাঙৰ অপৰাধৰ গোচৰ নাথাকক, চৰকাৰে তেওঁলোকক মুকলি আকাশৰ তলত থাকিবলৈ দিছে”, দৈমাৰীয়ে কয়।

সাংসদজনে লগতে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো উগ্ৰপন্থী নেতা আখ্যা দিয়ে।