• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ১২ লাখ ভোটাৰ থকা বড়োসকলে অন্য জনগোষ্ঠীৰ তুলনাত অধিক সুযোগ লাভ কৰি আছে : নৱ শৰণীয়া

“নাগৰিকত্ব বিধেয়কৰ ইচ্ছ্যুটোৰ বাবে জনজাতিকৰণৰ কুচকাৱাজ দেখুৱাইছে; লোকসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ নহয়”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2019 4:43 pm
Naba Saraniya

অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পিছত সংবাদ মধ্যমৰ আগত সাংসদ নৱ শৰণীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতি আৰু কূটনীতিৰ ক্ষেত্ৰখনত বি পি এফ প্ৰথমস্থানত আছে বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। দিচপুৰ লাষ্টগেটত অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰি আমাৰ সাংবাদিকৰ আগত বি পি এফ প্ৰথম স্থানত থকাৰ কাৰণো বাখ্যা কৰে।

“অসমত বড়োসকলৰ ভোটাৰ মাত্ৰ ১২-১৩ লাখ আছে। আহোমসকলৰ ৬০ লাখৰো অধিক আছে, কলিতাসকলৰ ৬০ লাখৰো ওপৰত আৰু চাহ জনগোষ্ঠীসকলৰো ৬০ লাখৰ ওপৰত আছে।”, সংখ্যাত তাকৰ বড়োসকলে ৰাজ্যৰ ৰাজনীতিত অত্যধিক গুৰুত্ব পাই থকাৰ প্ৰসংগত শৰণীয়াই কয়।

অন্য জনগোষ্ঠীৰ তুলনাত বড়োসকলৰ সংখ্যা কম হোৱাৰ পাছতো ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত অন্যৰ তুলনাত অধিক সুযোগ লাভ কৰা বুলি তেওঁ মন্তব্য কৰে।

“মাত্ৰ ১২ লাখ ভোটাৰ থকা জাতি এটাই ১২ জনকৈ বিধায়ক, ৫ টাকৈ কেবিনেট, নিগম নিকায়ৰ অধ্যক্ষ পদ লৈ আছে। ইয়াৰ পৰা তেওঁলোক সাময়িকভাৱে লাভালাভ হ’লেও ভৱিষ্যতে হতাশাত ভুগিব।” অবড়োসকলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচনত জয়ী হোৱা শৰণীয়াই কয়।

ইপিনে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ত চৰকাৰে কৌশলী স্থিতি গ্ৰহণ কৰিছে বুলি দাবী কৰি শৰণীয়াই কয়, ‘লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ হোৱাৰ কোনো সম্ভাৱনা নাই।”

শৰণীয়াই আমাৰ সাংবাদিকক জনোৱা অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ পৰা অসমৰ জনসাধাৰণৰ মনটো আঁতৰাই আনিবৰ বাবেহে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ চেষ্টা চলাইছে।

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইচ্ছ্যুটো নাইকিয়া কৰিবৰ বাবে জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন কৰা হৈছে যাতে সকলো জাতি-জনগোষ্ঠীৰ মাজত মাজত বিভাজন আহি সামগ্ৰিক শক্তি হ্ৰাস পায়।” শৰণীয়াই এইদৰে কয়।

তদুপৰি তেওঁ অসমৰ পূৰণি ইতিহাস ঘূৰি নহাটোৱে কামনা কৰা বুলি কয় যদিও পুৰণি ইতিহাস ঘূৰাই অনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কটা ঘাঁত নিমখ ছটিয়াইছে বুলিও তেওঁ মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিপিএফে সোণোৱাল চৰকাৰক চলোৱা বুলি সদৰী কৰাৰ লগতে হাগ্ৰামাই এতিয়া সোণোৱাল চৰকাৰৰ চালিকা শক্তি বুলিও আওপকীয়াকৈ শৰণীয়াই উল্লেখ কৰে।

তেওঁৰ মতে “অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত হাগ্ৰামাৰ এনে স্থিতি শুভ লক্ষণ নহয়। বিপিএফে বড়োলেণ্ড বিচাৰে আৰু কেৱল বড়ো লোকৰ উন্নয়নৰ কথা চিন্তা কৰে।”

আনহাতে বিপিএফ দলটোৰ নাগৰিকত্ব সংশোধনী বিধেয়কলৈ সমৰ্থনত আছে বুলি দাবী কৰে শৰণীয়াই। “কিয়নো বি পি এফ সুযোগ সন্ধানী দল বুলি ইতিমধ্যে হাগ্ৰামাই নিজ মুখেৰেই কৈছে।” নিজৰ দাবীৰ সপক্ষে শৰণীয়াৰ যুক্তি।

আনহাতে, বি টি এ ডিত অবড়োসকল চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি দাবী কৰি শৰণীয়াই কয় যে বি টি এ ডিত কেৱল বড়োসকলেহে চাকৰি বা অন্যান্য চৰকাৰী সুবিধাসমূহ লাভ কৰি আহিছে।

তেওঁ লগতে কয়, “আনকি কেৰাণী, মহৰী বা চৰকাৰী বিষয়াৰ পদতো দুৰ্নীতিৰে নিযুক্তি দিয়া বুলি অভিযোগ আছে”

ইপিনে, কিছুদিন পূৰ্বে অখিল গগৈ পাগল আখ্যা দিয়াক লৈও সৰব হৈ পৰে কোকৰাঝাৰৰ সাংসদগৰাকী।

“অখিল গগৈৰ প্ৰতিবাদী সত্তা আছে। তেওঁৰ খং আৰু আবেগ বেছি হ’লেও তেওঁৰ প্ৰতিবাদী সত্তাৰ কথা কোনেও অস্বীকাৰ নকৰে। ৰাজপথত নামিয়েই যিহেতু সকলো দিচপুৰ আহি ৰজা হৈছে। ৰজাসকল প্ৰজা হ’ব বেছি সময় নালাগে।” এইদৰে কৃষক নেতা অখিলৰ সমৰ্থনত মন্তব্য কৰে শৰণীয়াই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd