NORTHEAST NOW (Assamese)

আৰক্ষীৰে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰীৰ বাসগৃহত বিপিএফৰ সঁজাতি দল, চিবিআই তদন্তৰ দাবী

September 24, 2021 3:10 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

কোকৰাঝাৰত আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা ছেৰফাংগুৰীৰ শালগুৰী গাওৰ জৌংছাৰ মুছাহাৰীৰ বাসগৃহত ঘটনাৰ বুজ লবলৈ শেহতীয়াকৈ উপস্থিত হয় বিপিএফৰ বিধায়িনী আৰু পাৰিষদৰ এটি সঁজাতি দল ৷

উল্লেখ্য যে, বিপিএফৰ বিধায়ক দূৰ্গা দাস বড়োৰ নেতৃত্বত যোৱা সঁজাতি দলটিয়ে নিহত জৌংছাৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ পিতৃ আৰু তেওঁৰ পত্নীক সাক্ষাৎ কৰি খা খবৰ লয় ৷

লগতে বিপিএফৰ বিধায়ক দূৰ্গাদাস বড়োই কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ ঘটনাক পুলিচে এনকাউন্টাৰ বুলি প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত দুখ প্ৰকাশ কৰি ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী তোলে৷

বড়োই সমগ্ৰ বিটিআৰত শান্তি বাহাল ৰখাৰ দাবীও উত্থাপন কৰে।

ইফালে বিপিএফৰ স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েও বড়ো যুৱক দুজনক থানাৰ ল’কআাপৰ পৰা নি পূৰ্ব পৰিকল্পিতভাৱে শীতল মস্তিকৰে হত্যা কৰাৰ গুৰুতৰ অভিযোগ তুলি চিবিআইক তদন্তৰ দায়িত্ব অৰ্পন কৰাৰ আহ্বান জনায় ৷

তেওঁ এইখন চৰকাৰ যদি অসমৰ ভূমিপুত্ৰ আৰু জনজাতিৰ হিতৰ বাবে গঠিত চৰকাৰ তেন্তে জনজাতি বড়ো যুৱক দুজনৰ মৃত্যুৰ উচিত তদন্ত কৰিব বুলি আশা ব্যক্ত কৰে ৷

উল্লেখ্য যে বিপিএফৰ সঁজাতি দলটিত বিধায়ক ৰবিৰাম নাৰ্জাৰী , চৰণ বড়ো, বিটিআৰৰ পাৰিষদ পানীৰাম ব্ৰহ্ম, প্ৰকাশ বসুমতাৰী, চাওৰাইগ্ৰা বসুমতাৰী আৰু দেৰহাচাৎ বসুমতাৰী আছিল ৷

Related News