বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

Hagrama-Mohilary-1

নিৰ্বাচন আয়োগে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৰাজ্য ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা।

এই তৎপৰতাৰ মাজতে বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিৰ সংগ ত্যাগ কৰি মহাজোঁটৰ সৈতে যোগদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলে।

শনিবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত ‘ক’ৰ কমিটিৰ’ ৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

অসমত শান্তি, একতা, উন্নয়নৰ আৰু দুৰ্নীতিমুক্ত চৰকাৰ গঠনৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিজৰ পেজবুক পেজত প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

অহা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে একেলগে কাম কৰিব বিপিএফে।

উল্লেখ্য যে বিগত বিটিচি নিৰ্বাচনত বিপিএফৰে মিত্ৰতা ভংগ কৰি বিজেপিয়ে য়ুপিপিএলৰ সৈতে বিটিচি পৰিষদ গঠন কৰাৰে পৰা বিজেপিৰে বিপএফৰ মিত্ৰতা শেষ হ’ব বুলি ধাৰণা কৰা হৈছিল।

বিটিচিৰ নিৰ্বাচনৰ সময়ৰে পৰা দুই শাকসীয় দলৰ সৈতে ব্যৱধান বৃদ্ধি পালেও বিপিএফ-এ বৰ্তমানলৈকে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ দল হৈয়ে আছে। বিপিএফৰ তিনি মন্ত্ৰীয়ে এতিয়াও মন্ত্ৰীপদ ত্যাগ কৰা নাই চৰকাৰৰ পৰা।

কিন্তু বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজেপিয়ে মিত্ৰতাৰ নিয়ম ভংগ কৰি বিপিএফক ক্ষমতাচ্যুত কৰিছিল।

ইয়াৰ পিছৰে পৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ মিত্ৰতা ভংগৰ ইংগিত দি আহিলেও ইয়াৰ চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাছিল।

বিপিএফ-এ মহাজোঁটৰ সৈতে যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে শাসকীয় বিজেপিৰ প্ৰতি মহাজোঁটে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।

উল্লেখ্য যে মহাজোঁটত কংগ্ৰেছ, এআইয়ুডিএফ, বাওঁপন্থী দসলমূহৰ লগতে আঞ্চলিক গণমৰ্চাও আছে।