• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কাৰ বাবে বড়োভূমিত চুড়ান্ত প্ৰত্যাহ্বানৰ সম্মুখীন হব বিপিপিএফ ?

মুৰলী বৰুৱা by মুৰলী বৰুৱা
November 14, 2020 5:32 pm
a Hagrama-and-Pramod
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী । এনে পৰিস্থিতিত এতিয়া প্ৰাসংগিক হৈ পৰিছে বিটিচি নিৰ্বাচন । ইতিমধ্যে বিটিচি নিৰ্বাচনক লৈ শেহতীয়াকৈ উত্তাল হৈ পৰিছে বড়ো ভূমিৰ ৰাজনীতি ।

অসমৰ ৰাজনীতিত এদিন যি দৰে অগপৰ বিপৰ্যয় আৰম্ভ হৈছিল এতিয়া যেন সেই একেই প্ৰক্ৰিয়া আৰম্ভ হবলৈ ধৰিছে বড়োভূমিত । একমাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে প্ৰতিটো নিৰ্বাচনত ৰং সলোৱা হাগ্ৰামা মহিলাৰীৰ মুখৰ ৰং এইবাৰ যেন ক্ৰমান্বয়ে ম্লান পৰিবলৈ ধৰিছে ।

নিজকে কিং মেকাৰ বুলি আত্মসন্তষ্টি লভা হাগ্ৰামাৰ বৰঘৰত এইবাৰ প্ৰৱেশ কৰিলে বিজেপিয়ে । হাগ্ৰামাই হয়তো সপোনটো ভবা নাছিল যে বিজেপি ৰ লগত মিত্ৰতাৰে একেলগে চৰকাৰ গঠনৰ অংশীদাৰ হোৱাৰ পাছত এনে পৰিস্থিতিৰ উদ্ভৱ হব বুলি ।

তেও হয়তো ভাবি আছিল আসন্ন অসম বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে পুনৰ হাগ্ৰামাকেই বিটিচিত চৰকাৰ গঠন কৰাৰ বাবে সুবিধা দিব ।

কিন্তু সেয়া হৈ নুঠিল । কাৰণ দীঘলীয়া সময় ধৰি বিটিছি ৰ অনাবড়ো জনসাধাৰণৰ ওপৰত একপ্ৰকাৰ চাপ সৃষ্টি কৰি আহিছিল হাগ্ৰামাৰ নেতৃত্বত চলি থকা বিটিছি চৰকাৰ খনে । এইবাৰো যদি পুনৰ বিটিছিত হাগ্ৰামাই বিজেপিৰ সহযোগত বিটিছি দখল কৰে তেতিয়া দীৰ্ঘ দিনৰে পৰা শোষণৰ বলি হোৱা বিটিছি এলেকাৰ অনা বড়ো জনসাধাৰণে বিজেপিক সহজ ভাৱে নলব ।

যাৰ প্ৰভাৱ আসন্ন বিধান সভা নিৰ্বাচনত বিজেপি দলত পৰিব । সেয়ে বিজেপিয়ে হাগ্ৰামাক নিয়ন্ত্ৰণৰ ভিতৰত ৰাখি বিটিছিত অনাবড়ো সকলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখাৰ লগতে ভৱিষ্যতে হাগ্ৰামাৰ পৰা আহিব সাম্ভাব্য ৰাজনৈতিক চাপৰ পৰা বিজেপি দলো যাতে সুৰক্ষিত হৈ থকিব পাৰে তাৰ এক ৰণকৌশল প্ৰস্তুত কৰে ভাৰতীয় জনতা পাৰ্টীয়ে ।

বিগত দীঘলীয়া সময়খিনিত হাগ্ৰামা নেতৃত্বাধীন বিপিএফ চৰকাৰ খনে বিটিছি এলেকা উন্নয়নৰ বাবে যিমানবোৰ সুবিধা কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰ খনৰ পৰা লাভ কৰিছিল সেই সুবিধাৰে বড়োভূমিত যি উন্নয়ন হব লাগিছিল সেয়া নহল । বিশেষকৈ অনাবড়ো অঞ্চল সমূহৰ উন্নয়ন বৰ সিমিত আছিল । কেৱলমাত্ৰ নিৰ্বাচনৰ সময়ত অনাবড়ো সকললৈ মনত পৰা একাংশ বড়ো নেতৃত্বই একমাত্ৰ ভোটবেংক হিচাপে ব্যৱহাৰৰ কৰি আহিছে অনাবড়ো সকলক ।

বহু সময়ত ভয় ভাবুকিৰে এই সকল লোকক দমন কৰি ৰখাৰ প্ৰয়াস কৰিছিল বিটিছিত । তাৰ স্থানীয় জনসাধাৰণ বুলিয়েই তাত চাকৰি সুত্ৰে যোৱা অনাবড়ো চাকৰিয়াল সকলকো দুৰ্নীতি অনিয়মৰ বাবে বাধ্য কৰাইছিল হাগ্ৰামা নেতৃত্বাধীন বিটিছি চৰকাৰ খনে । বিগত দিন বোৰত ব্যাপক চৰকাৰী ধনৰ অপচয় আৰু আত্মসাত হল বিটিছিত । একাংশ ৰাজনৈতিক নেতা তথা দালাল ,ঠিকাদাৰৰ বাহিৰে সৰ্বসাধাৰণ জনতাৰ জীৱনৰ মানদণ্ডৰ একো পৰিৱৰ্তন নহল ।

যাৰ বাবে অনাবড়ো বুলিয়েই নহয় একাংশ বড়ো জনসাধাৰণৰো মোহভংগ হৈছে এতিয়া বিপিপিএফৰ প্ৰতি । ২০০৩ চনৰে পৰা একৰাহে বিটিছিৰ শাসনত অধিষ্ঠিত হৈ থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিপিএফক উৎক্ষাত কৰাৰ বাবে নৱ কুমাৰ শৰণীয়া লগত বিজেপি দলেও যুদ্ধ ক্ষেত্ৰত নামি পৰিছে । বিটিচিত বড়ো জনসাধাৰণৰ তুলনাত অনাবড়ো জনসাধাৰণৰ সংখ্যা বেছি ।

ইতিমধ্যে একাংশ বড়ো নেতাই বিপিপিএফৰ পৰা আতৰি আহি বিজেপি ত যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বড়োভূমিত বহুধা বিভক্ত বড়ো ৰাজনীতিৰ তুলনাত এতিয়া ঐক্যবদ্ধ অনাবড়ো ৰাজনীতিৰ শক্তি যঠেষ্ট বেছি । মুছলমান ভোটাৰ সকলক বাদ দিলেও বিটিছিত আন অনাবড়ো ভোটাৰ সকলৰ লগতে একাংশ বড়ো ভোটাৰে ইতিমধ্যেই বিজেপি দলৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিটিছি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে । শেহতীয়াকৈ বিটিচিত ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত ইয়াৰ বহি:প্ৰকাশ ঘটিছে ।

ইয়াৰ উপৰিও বিটিছি নিৰ্বাচনৰ পূৰ্বে বিপিএফত মোক্ষম আঘাট হানি হাগ্ৰামাৰ সংগ এৰিলে বিপিপিএফৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে সহ আন একাধিক বিপিপিএফ কৰ্মীয়ে । এনেকৈয়ে এদিন অসমৰ প্ৰধান আঞ্চলিক দল অগপ ধ্বংস দিশেৰে গতি কৰিছিল ।

একমাত্ৰ অহংকাৰ আৰু সঘনাই নিজৰ ৰূপ সলোৱা স্বভাৱৰ বাবেই হাগ্ৰামাৰ বিপিপিএফক এতিয়া কোনো ৰাজনৈতিক দলেই বিশ্বাসত লব নোৱাৰা অৱস্থা এটা আহি পৰিছে । ইয়াৰ উপৰিও হাগ্ৰামাৰ একনায়কত্ববাদী কৰ্মৰাজিৰ বাবেও বিপিপিএফৰ বহু শীৰ্ষ দলীয় কৰ্মী অসন্তুষ্ট হৈ পৰিছে দলটোৰ প্ৰতি ।

দীৰ্ঘ দিন ধৰি আনক চাপত ৰখা হাগ্ৰামাই এতিয়া নিজেই যে ভয়ংকৰ চাপত সময় পাৰ কৰিব লগা হৈছে সেয়া নিশ্চিত । ভৱিষ্যতে হাগ্ৰামাই পুনৰ বিটিছিত শাসন কৰাৰ সুবিধা পালেও সেয়া হয়টো সম্ভৱ অন্য দলৰ সহযোগিতাতহে ।

সেয়ে আসন্ন অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলে অতি সময়োপযোগী সিধান্তৰে একাংশ বড়ো নেতৃত্বতক নিজৰ ফলিয়া কৰি লৈ হাগ্ৰামাক এশিকনী দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলে ।

সময় আৰু পৰিস্থিতিয়ে সম্পূৰ্ণ ভাৱে লগ দিলে বিজেপিক । হাগ্ৰামাই নিজেই কবলৈ বাধ্য হৈছে বিটিছিত তেওঁলোকৰ বাবে মুল প্ৰত্যাহ্বান এতিয়া আন কোনো নহয় , বিজেপিহে ।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd