আজিৰে পৰা ডি ডি ভাৰতীত পুনৰ সম্প্ৰচাৰ হ’ব বি আৰ চোপ্ৰাৰ মহাভাৰত

Story-1-16-1140x570

মহাভাৰত ধাৰাবাহিকৰ এটি দৃশ্য।

আশীৰ দশকৰ শেহৰফালে আৰু নব্বৈৰ দশকৰ প্ৰাৰম্ভৰ মহাকাব্যিক দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰত শণিবাৰৰ পৰা পুনৰ ডি ডি ভাৰতী যোগে সম্প্ৰচাৰ কৰা হ’ব।

ডি ডি নেশ্যনেলত আন এখন মহাকাব্যিক ধাৰাবাহিক ৰামায়নৰ সম্প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এই ঘোষণা কৰিছে।

এক টুইটযোগে তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়,’’জনাবলৈ পাই সুখী হৈছো যে ডি ডি ভাৰতীয়ে শণিবাৰ, ২৮ মাৰ্চৰ পৰা জনপ্ৰিয় ধাৰাবাহিক “মহাভাৰত’ দুপৰীয়া ১২ বজা আৰু সন্ধিয়া ৭বজাত সম্প্ৰচাৰ কৰিব।‘’

ৰামানন্দ সাগৰৰ ৰামায়ন আৰু বি আৰ চোপ্ৰাৰ মহাভাৰত দুয়োখনেই নব্বৈৰ দশকৰ অতি জনপ্ৰিয় টিভি ধাৰাবাহিক আছিল।

মহাভাৰত ১৯৮৮চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০চনৰ ২৪ জুনলৈ দূৰদৰ্শনত সম্প্ৰচাৰ হৈছিল আৰু ইয়াত প্ৰখ্যাত অভিনেতা মুকেশ খান্নাই ভীষ্ম, পুনিত ইছাৰে দুৰ্যোধন, নীতিশ ভৰদ্বাজে কৃষ্ণ, ৰূপা গাংগুলীয়ে দ্ৰৌপদী আৰু গজেন্দ্ৰ চৌহানে যুধিষ্ঠিৰৰ ভূমিকাত অভিনয় কৰিছিল।

সাগৰৰ ৰামায়ন পুৱা ৯বজা আৰু নিশা বজাত দুবাৰকৈ সম্প্ৰচাৰ হৈছিল।

এই ধাৰাবাহিকখনত অৰুণ গোভিলে ৰাম, দীপিকা চিখালিয়াই সীতা, অৰৱিন্দ ত্ৰিবেদীয়ে ৰাৱন আৰু দ্বাৰা সিঙে হনুমানৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।

ৰামায়ন প্ৰথমবাৰ ১৯৮৭চনৰ জানুৱাৰীৰ পৰা ১৯৮৮চনৰ জুলাইলৈকে সম্প্ৰচাৰিত হৈছিল।

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত লোকসকলক ঘৰৰ ভিতৰতে আৱদ্ধ থকাত উৎসাহিত কৰাৰ বাবে তথা তেওঁলোকৰ পুৰণি স্মৃতিলৈ ঘুৰি যাবলৈ সুযোগ দিয়াৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই ঘোষণাৰ পাছতে বিভিন্নজনে তেওঁলোকৰ ছচিয়েল মিডিয়া একাউন্টৰ জৰিয়তে আশী আৰু নব্বৈৰ দশকৰ আন কেইবাখনো মেগা ধাৰাবাহিকৰ পুনৰ সম্প্ৰচাৰ চলাবলৈ মন্ত্ৰ্যালয়ক অনুৰোধ জনাইছে।

এনেদৰে অনুৰোধ জনোৱা তালিকাৰ ভিতৰত শক্তিমান, ব্যোমকেশ বক্সী, চী হকছ, কেপ্টেইন ভ্যোম আৰু চন্দ্ৰাকান্তা শীৰ্ষত আছে।